কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। এই ঘটনাত আৰু তিনিজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে। বাকী তীৰ্থযাত্ৰীসকলক সেই এলেকাৰ পৰা নিৰাপদে স্থানান্তৰ কৰা হৈছে। আহতসকলক গৌৰীকুণ্ডৰ ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বুধবাৰে পুৱা ১১ বাজি ২০ মিনিটৰ সময়ত ৰুদ্ৰপ্ৰয়াগ জিলাৰ জংগলচট্টিৰ ওচৰৰ পাহাৰীয়া পথত হঠাৎ ভূমিস্খলন হয়। ওপৰৰ পৰা ডাঙৰ ডাঙৰ শিল বাগৰি অহাৰ ফলত তীৰ্থযাত্ৰীসকল আহত হয়। ঘটনাস্থলীত দুজনৰ মৃত্যু হয়। এগৰাকী মহিলাসহ আৰু তিনিজন আহত হয়। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক অক্ষয়প্ৰহ্লাদ কোণ্ডে জনাইছে যে, খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু জিলা বিপৰ্যয় মোকাবিলা বাহিনী (ডি ডি আৰ এফ) ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, দেওবাৰেও কেদাৰনাথ যাত্ৰাৰ সময়ত জংগলচট্টিত ভূমিস্খলন হৈছিল। সেইদিনা এজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। তাৰ পিছত সোণপ্ৰয়াগৰ পৰা কেদাৰনাথলৈ যোৱা পথ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। বুধবাৰেও একেটা এলেকাতে ভূমিস্খলন হৈ মৃত্যুৰ ঘটনা সংঘটিত হ’ল। দেওবাৰে পুৱা কেদাৰনাথ ধামৰ পৰা গুপ্তকাশীৰ দিশলৈ যোৱাৰ পথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল। গৌৰীকুণ্ডৰ ওচৰৰ জংঘলত হেলিকপ্টাৰখন ভাঙি পৰে। সেই দুৰ্ঘটনাত সাতজনৰ মৃত্যু হয়। মৃত্যু হোৱা যাত্ৰীসকলৰ মাজত এটি শিশুও আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...