বকোৰ আন্ধেৰিটাৰীত ভূমিকেন্দ্ৰিক সংঘাত

বকোৰ আন্ধেৰিটাৰীত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰিবলগা হ’ল আৰক্ষীয়ে। তমিজ আলী নামৰ এজন লোকে আৰক্ষী আৰু মণ্ডলক লৈ বলপূৰ্বকভাবে দুবিঘা ভূমি দখল কৰাৰ অভিযোগ। ভূমিখণ্ড আছিল মোবাৰক আলী নামৰ আন এজন লোকৰ। আৰক্ষী প্ৰশাসনৰ উপস্থিতিত শনিবাৰে ভূমিখিনি চমজি লবলৈ যোৱাত মোবাৰকৰ পৰিয়ালে বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দৰিদ্ৰ পৰিয়ালটোৰ হাতত টকা নাই বাবে দখলত থকা ভূমি কাঢ়ি নিয়াৰ অভিযোগ।

বকোৰ আন্ধেৰিটাৰীত ভূমিকেন্দ্ৰিক সংঘাত
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা
আৰক্ষী-প্ৰশাসনক লৈ দুবিঘা ভূমি দখলৰ অভিযোগ
মোবাৰক আলী নামৰ এজন লোকৰ আছিল ভূমিখণ্ড
তমিজ আলীয়ে বলপূৰ্বক দখল কৰাৰ অভিযোগ
শনিবাৰে ভূমিখণ্ড চমজি ল’ব যাওঁতেই উত্তপ্ত পৰিস্থিতি

মৃত্যুৰ পিছত মানুহক কিমান মাটি লাগে?

জীয়াই থকা অৱস্থাত বিঘাই বিঘায়ো নাটে

ঘটনা বকোৰ আন্ধেৰিটাৰীৰ শনিবাৰৰ। স্থানীয় মানুহৰ দুটা ফৈদ। এটা ফৈদে শীৰ্ষ আৰক্ষীৰ অনুমতি সাপেক্ষে লগত আনিছে পুলিচ বাহিনী। মণ্ডলো আছে সেই একেটা ফৈদৰ সৈতে। আনটো ফৈদৰ সৈতে পুলিচ প্ৰশাসন নাই। তেওঁলোকে যুঁজিছে। দুবিঘা ভূমিক লৈ সৃষ্টি হৈছে সংঘাতৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠীচালনা কৰিবলগীয়া হৈছে আৰক্ষীয়ে।

পুলিচৰ সন্মুখতে আৰম্ভ হৈছে বাকযুদ্ধ। বোপা ককাৰ পৰা ভূগি অহা ভূমিখণ্ড ৰক্ষা কৰিবলৈ ওলাই আহিছে পুৰুষ মহিলা। বলপূৰ্বক ভূমি দখলৰ বিৰুদ্ধে যুঁজিছে তেওঁলোকে। বিনিময়ত উপস্থিত আৰক্ষী বাহিনীৰ পৰা পাইছে লাঠীৰ কোব।

তমিজ আলী নামৰ এজনে দুবিঘা ভূমি দখল কৰাৰ অভিযোগ
ডিম্বেশ্বৰ ৰাভাৰ পৰা ৪ বিঘা ভূমি ক্ৰয় কৰিছিল তমিজ আলীয়ে
কিন্তু ৪ বিঘাৰ লগতে মোবাৰক আলীৰ দুবিঘা ভূমি দখলৰ চেষ্টা

অভিযোগ অনুসৰি মণ্ডলক মেনেজ কৰি লগত পুলিচ বাহিনী লৈ মোবাৰক আলীৰ পৰিয়ালৰ দুবিঘা ভূমি দখলৰ চেষ্টা কৰে তমিজ আলীয়ে। শনিবাৰে মণ্ডল আৰু আৰক্ষী বাহিনী লৈ ভূমিখণ্ড চমজি ল’বলৈ গৈছিল তমিজ আলীয়ে। তেতিয়াই মোবাৰক আলীৰ পৰিয়ালে বাধা দিয়াত উত্তপ্ত হৈ পৰে পৰিস্থিতি।

মোবাৰক আলীৰ দৰিদ্ৰ পৰিয়ালটোৰ হাতত ধন নথকা বাবেই দখলত থকা ভূমি কাঢ়ি নিয়াৰ অভিযোগ পৰিয়ালটোৰ। আৰক্ষী-প্ৰশাসনৰ এই হাৰাশাস্তিৰ পিছত ক্ৰন্দনত ভাগি পৰে মোবাৰক আলীৰ পৰিয়ালটো। অৱশ্যে বিষয়টোক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিল ঘটনাস্থলীত উপস্থিত প্ৰশাসনীয় বিষয়া। মাত্ৰ ক’লে SPৰ নিৰ্দেশত পুলিচ গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...