কলম বেচা কিশোৰীক উপহাৰ দিলে আই ফোন, কিয় হৃদয় জিনিলে তেজপ্ৰতাপৰ?

ভগৱান কৃষ্ণ আৰু শিৱৰ ৰূপ ধাৰণ কৰাৰ পৰা দলীয় অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠানত বাঁহী বজোৱালৈকে প্ৰায়ে সংবাদ শিৰোনামত থকা এজন যুৱ নেতা। হয়, আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ কথাই কোৱা হৈছে। বিভিন্ন আৰু বিচিত্ৰ ধৰণে জনসাধাৰণক প্ৰভাৱিত কৰি চৰ্চাৰ বিষয় হৈ পৰে এইগৰাকী নেতা। এইবাৰ তেজ প্ৰতাপ যাদৱে দান কৰিলে ৫০,০০০ টকাৰ আইফোন। নিজে আইফোন ক্ৰয় কৰি পাটনাৰ ৰাস্তাত কলম বেচি থকা এজনী দৰিদ্ৰ ছোৱালীক উপহাৰ দিলে। ইয়াৰ পিছতে তেজ প্ৰতাপৰ বহল মনৰ হৃদয়ৰ কথা চৰ্চিত হৈছে সামাজিক মাধ্যমত। ঘটনাটো সন্ধিয়া সময়ৰ।

তেজ প্ৰতাপে বন্ধুবৰ্গৰ সৈতে পাটনাৰ বোৰিং ৰোড এলেকাত ফুৰিবলৈ ওলাই গৈছিল। সেই সময়ত চিৰাচৰিতভাবে এজনী সৰু ছোৱালীয়ে ৰাজপথত কলম বিক্ৰী কৰা আছিল। কিশোৰী ছোৱালীজনী দেখাৰ লগে লগে আগবাঢ়ি গ’ল তেজপ্ৰতাপ যাদৱ। গাড়ীৰ পৰা নামি তাইৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিলে। তেজ প্ৰতাপে নামটো সোধাৰ লগে লগে কলে-মোৰ নাম মেঘা, পুনাই চক অঞ্চলত মই বাস কৰোঁ, মোৰ দেউতাই অটো ৰিক্সা চলায়। ডাঙৰ হৈ বিখ্যাত ব্যক্তি হোৱাৰ মন, ঘৰখনক আৰ্থিকভাবে সকাহ দিব বিচাৰো। কণমানিৰ আকাশ চোৱাৰ হেঁপাহে হৃদয় চুই গল তেজপ্ৰতাপৰ। লগে লগে কিশোৰীগৰাকীৰ ইচ্ছাৰ কথা জানিলে তেজ প্ৰতাপে আৰু অৰ্ধ লাখ টকাৰ আইফোন উপহাৰ দিলে। কণমানি ছোৱালীজনীক ৰাস্তাত কলম বিক্ৰী কৰা দেখি ইমানেই আবেগিক হৈ পৰিল যে কিশোৰীগৰাকীৰ আহ্বানক ওলাই কৰিব নোৱাৰিলে বিহাৰৰ যুৱ নেতাগৰাকীয়ে।

ৰাজনীতিৰ পথাৰত অথবা ব্যক্তিগত ক্ষেত্ৰত সফল হওক বা নহওক, তেজপ্ৰতাপৰ এই কাৰ্যক বহুজনে প্ৰশংসা কৰিছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...