কোচ ৰাজবংশী জনগোষ্ঠীয়ে শৈক্ষিক, সাংস্কৃতিক, ক্রীড়া আন্দোলনৰ জৰিয়তে বিশ্ব দৰবাৰত জিলিকি উঠিব লাগিব : মুখ্যমন্ত্রী

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আটাইকেইটা গোটৰ যৌথ উদ্যোগত আৰু কেন্দ্ৰীয় বিষুৱা উৎসৱ উদযাপন সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত সাতদিনীয়া কাৰ্যসূচীৰ আয়োজিত দশম বার্ষিক কেন্দ্ৰীয় বিষুৱা উৎসৱৰ আজি মুকলি সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত লোকজীৱন আৰু লোককলাই জনগোষ্ঠীটোৰ সাংস্কৃতিক চেতনাক প্ৰাণৱন্ত কৰি তোলাৰ লগতে অসমৰ বৰ্ণিল, বৈচিত্র্যময় তথা বৈশিষ্টমণ্ডিত লোককলা-কৃষ্টিৰ সৌৰভ প্রকাশি আহিছে। বিষুৱা হৈছে জনগোষ্ঠীটোৰ প্ৰাণৰ এক স্পন্দিত উৎসৱ। তেওঁ কয় যে ব’হাগ বিহুৱে জাতি-জনগোষ্ঠীৰ মাজত ঐক্যতান গঢ়ি অসমীয়া মানুহৰ স্বকীয় সাংস্কৃতিক পৰিচয় বিশ্ব প্রেক্ষাপটত উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছে। শিক্ষা, সংস্কৃতি, ক্রীড়া আদি সকলো ক্ষেত্ৰতে বিকশিত কৰাৰ লক্ষ্যৰে একতা আৰু সমন্বয়ৰ মাজেৰে আগুৱাই যাবলৈ জনগোষ্ঠীটোক তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে একতাই পৰম বল আৰু সংস্কৃতিয়েই হৈছে ঐক্য সাধিনী শক্তি। সু-প্রাচীন কালৰে পৰা ভাৰতবৰ্ষক সংস্কৃতিয়ে একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছে। অসমৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ মহা মিলনেৰে বৃহৎ জাতিসত্ত্বা সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ১৪ এপ্রিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১১ হাজাৰতকৈও অধিক শিল্পীয়ে বিহু নৃত্য পৰিৱেশন কৰি আমাৰ অসমীয়া জাতিৰ একতাৰ বাণী বিশ্ব দৰবাৰত পুনৰ এবাৰ প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত সাত বিহু পৰম্পৰা প্ৰচলিত হৈ আহিছে। অসমত বিভিন্ন জনগোষ্ঠীয়ে সুকীয়া নামেৰে বিহু উদযাপন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন নৃত্য আৰু বাদ্য-যন্ত্ৰৰ মাধ্যমেৰে সমন্বয়ৰ সাঁকোডাল শক্তিশালী হৈ পৰিছে। বিভিন্ন জনগোষ্ঠীৰ

বিহুৱে সাংস্কৃতিক সমন্বয়ৰ দিশ প্ৰকট কৰিছে। ব’হাগত উদযাপিত এই উৎসৱে জাতিটোৰ ঐক্যতান গঢ়ি তোলে বুলিও তেওঁ কয়। তেওঁ কয় যে বিষুৱা উৎসৱে বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি সমৃদ্ধ কৰি তুলিছে। বিষুৱা উৎসৱৰ সৈতে সংগতি ৰাখি পৰিৱেশন কৰা নৃত্য আৰু খাদ্য সম্ভাৰ অসমীয়া সংস্কৃতিৰ এক বিশিষ্ট উপাদান বুলি তেওঁ কয়। বিষুৱাই প্ৰকৃতিৰ সৈতে একাত্মতা প্রকাশ কৰি মূল্যবোধৰ আধাৰত আগুৱাই যাবলৈও প্ৰেৰণা যোগাই আহিছে।

একোটা জাতিৰ স্বকীয় ভাষা-সংস্কৃতিয়ে বিশ্বৰ সন্মুখত ঠিয় হৈ থাকিবলৈ সাহস যোগাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাষা-সাহিত্য, কলা-সংস্কৃতি চর্চাই একোটা জাতিক প্ৰাণৱন্ত আৰু জীৱন্ত কৰি ৰাখে। মুখ্যমন্ত্ৰীয়ে কয় যে চহকী ঐতিহ্য বহন কৰা কোচ ৰাজবংশীৰ এক গৌৰৱান্বিত ইতিহাস আছে। তেওঁ কয় যে কেৱল অসমতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত আনকি বিদেশতো কোচ ৰাজবংশী লোকসকলৰ বসতি আছে। প্রাচীন কামৰূপতে কোচ ৰাজবংশীসকলৰ উত্থান ঘটিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কোচ ৰাজবংশী ৰজাসকলে শৌর্য-বীৰ্যৰে শাসন চলাইছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ইতিহাসক গৌৰৱান্বিত কৰা আৰু অসমীয়া জাতিগঠনৰ প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰাৰ দিশত যিসকল পুরোধা ব্যক্তিয়ে বিশাল বৰঙণি যোগাই গৈছে সেইসকলৰ ভিতৰত বীৰ চিলাৰায় আৰু কোচ ৰজা নৰনাৰায়ণ অন্যতম। ১৬০০ শতিকাত কোচ ৰাজ্যৰ উজ্জ্বল ৰত্ন বীৰ চিলাৰায়ৰ শৌর্য-বীৰ্য আৰু পাণ্ডিত্যৰ ফলত অসমীয়া জাতিয়ে অধিক আত্মবিশ্বাস আৰু দৃঢ়তাৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা লাভ কৰিছে। এগৰাকী মহান যোদ্ধা হিচাপে বীৰ চিলাৰায়ৰ যিবোৰ গুণ আছিল তেনে ধৰণৰ বীৰযোদ্ধা জগততে বিৰল বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু উৎকৰ্ষ সাধনৰ পৃষ্ঠপোষক চিলাৰায় আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবি-সাহিত্যিকসকলক ৰাজপৃষ্ঠপোষকতা প্ৰদান কৰি আমাৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যোগাই যোৱা বৰঙণি অসমীয়া জাতিয়ে সদায়েই শ্ৰদ্ধাৰে স্মৰণ কৰিব। তেওঁ কয় যে মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অদ্ভুত প্ৰেৰণা যোগাইছিল। অসমীয়া জাতিসত্ত্বা কোচ ৰাজবংশীৰ ওচৰত সদায়েই চিৰকৃতজ্ঞ হৈ থাকিব বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ আধ্যাত্মিক জীৱনধাৰা আৰু সনাতন সভ্যতা সংস্কৃতিক বিকশিত কৰি তোলাৰ দিশত বীৰ চিলাৰায়ে বিশেষ অৰিহণা যোগাই গৈছে। কামাখ্যা দেৱীৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোচ ৰাজবংশীসকলে অসমৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালী কৰি তুলিছে। কোচ ৰাজবংশীৰ জাতীয় সম্পদস্বৰূপ শিলালিপিয়ে প্রমাণ কৰে যে ৰাজ ৰঘুনাৰায়ণে তেওঁৰ পূৰ্বসুৰী মহাৰাজ বিশ্বসিংহ, নৰনাৰায়ণ, শুক্লধ্বজৰ পদাংক অনুসৰণ কৰি প্ৰাচীন মঠ-মন্দিৰ পুনৰ নিৰ্মাণ, নিৰ্মাণকাৰ্যত ব্ৰতী হৈছিল। তেওঁ কয় যে কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, পাণ্ডুনাথ মন্দিৰৰ ভগ্নাৱশেষ মাজত কোচ স্থাপত্য ভাষ্কৰ্যৰ অনুপম নিদর্শন লুকাই আছে। তেওঁ কয় যে কোচ ৰাজবংশীসকলৰ সুপ্ত প্রতিভাসমূহক বিকশাই তোলাটো সময়ৰ আহ্বান হৈ পৰিছে। আন্দোলন বিবর্জিত এক শিক্ষাৰ পৰিৱেশ লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোচ ৰাজবংশীৰ মাজত শৈক্ষিক আন্দোলন, সাংস্কৃতিক আন্দোলন আৰু ক্ৰীড়াৰ আন্দোলন নিৰ্মাণ কৰিব লাগে যাতে জনগোষ্ঠীটোৰ লোকসকলে বিশ্ব দৰবাৰত প্রতিষ্ঠা লাভ কৰিব পাৰে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক অজয় কুমাৰ ৰায়, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন, সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মন, বি টি আৰৰ পাৰিষদীয় সদস্য অৰূপ কুমাৰ দে’, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আটাইকেইটা গোটৰ উপদেষ্টা, সভাপতি মণ্ডলী তথা কর্মকর্তাবৃন্দ, ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্রী হিমানী অধিকাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্ৰীয়ে আজি বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ

পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ। ‘অপাৰেশ্যন সিন্দূৰে’ৰে ভাৰতীয়...

প্ৰিয়ংকা চোপ্ৰাৰ লগত দেখিবলৈ পোৱা সেই হাতীজনীয়েই আছিল গীতা

বৰ্তমানেও সংকটমুক্ত নহয় চামগুৰিৰ আহত হাতী গীতা। বনতাৰাৰ লগতে...

ভাৰত-পাক উত্তেজনা : UNSCৰ ১৫খন দেশৰ ভিতৰত ১৩খন দেশৰ সমৰ্থন ভাৰতক

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে ৰাষ্ট্ৰসংঘৰ...

ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ।...