পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ’ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কেবিনেটত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল দেৰগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত? পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ।

ভাবুকি থকা ব্যক্তিক দিয়া হ’ব PSO। PSOৰ দৰমহা বহন কৰিব লাগিব সুৰক্ষা লোৱা লোকজনে। PSOৰ বাবে চৰকাৰক দিব লাগিব মাহে ৭৫ হাজাৰ টকা। ১ অক্টোবৰৰ পৰা চাহ বাগানৰ কৰ্মীৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত। ২৫০ টকাকৈ বৃদ্ধি হ’ব চাহ শ্ৰমিকৰ মজুৰি। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বাবে চূড়ান্ত অধিসূচনা। মেঘালয়ৰ দৰে অসমতো হ’ব মিউজিক কনছাৰ্ট। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটক কনছাৰ্ট ভ্যেনু ৰূপে অনুমোদন। ৮ ডিচেম্বৰত গুৱাহাটীত হ’ব মেগা মিউজিক কনছাৰ্ট। ‘পোষ্ট মেলন’এ গুৱাহাটীত কৰিব মিউজিক কনছাৰ্ট। লাচিত বৰফুকন একাডেমীলৈ ২২৯ কোটি টকাৰ অনুমোদন। ডিব্ৰুগড়ত বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে ২৮৪ কোটি টকাৰ অনুমোদন। অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন ডিব্ৰুগড়ত হ’ব। ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ বাবে ২০৯ কোটি টকাৰ অনুমোদন। খনিকৰ ষ্টেডিয়ামত ৩৫ হাজাৰ লোকে একেলগে বহিব পৰা ব্যৱস্থা থাকিব। নুমলীগড়ৰ তেল শোধনাগাৰত চৰকাৰে বিনিয়োগ কৰিব ২০৫ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...