খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫: সৰুসজাইত ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰস্তুতি শিবিৰ

বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়ালৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে শতাধিক সংখ্যক ল’ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব৷ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্ছ মানদণ্ডৰ প্ৰতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে অহা চাৰিৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে৷

অসমে অংশ ল’ব লগা খেলসমুহ হ’ল ঃ সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাডী৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সম্প্ৰতি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসমৰ খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে৷ অহা দুই মে’ত অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হ’ব৷

এইবাৰ অসম দলৰ চিফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক৷ আনহাতে, অৰ্নামিকা নুনিছা ন’ডেল বিষয়াৰূপে থাকিব৷ উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

অসমৰ সৰ্বাধিক ১৭ জনীয়া দলটো হ’ল ভাৰোত্তোলনৰ৷ আনহাতে, সাঁতোৰত দহগৰাকীয়ে অংশ ল’ব৷ দেশৰ যুৱ তাৰকা ভাৰোত্তোলক বেদব্ৰত ভাড়ালী, প্ৰতিভাবান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্য, উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী সন্তৰণবিদ qwাংশনি প্ৰিয়দৰ্শনীসহ কেবাগৰাকীও উদীয়মান খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিব৷ ইফালে, ভলীবল আৰু কাবাডীত অসমৰ ছোৱালীয়ে যোগ্যতা অৰ্জন কৰাটো ৰাজ্যৰ ক্ৰীড়াৰ বাবে ইতিবাচক ঘটনা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...