পেহেলগাম কাণ্ডৰ ‘ন্যায়’! ট্ৰাম্প প্ৰশাসনে ল’লে বিশেষ ব্যৱস্থা

আমেৰিকাই পেহেলগাম কাণ্ডৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন ‘দ্য ৰেজিষ্টান্স ফ্ৰণ্ট’ বা টিআৰএফক বিদেশী সন্ত্ৰাসবাদী গোষ্ঠীৰ আখ্যা দিছে। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত লস্কৰ-ঈ-তৈয়বাৰ এই ছায়া সংগঠনটোৱে দায়িত্ব স্বীকাৰ কৰিছিল। যদিও পিছত এখন বিবৃতিৰ জৰিয়তে সংগঠনটোৱে দাবী কৰে যে, তেওঁলোক পেহেলগাম আক্ৰমণৰ সৈতে জড়িত নাছিল।

বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এখন বিবৃতি প্ৰকাশ কৰা হয়। এই প্ৰসংগত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই কয়, “আজি আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ‘দ্য ৰেজিষ্টান্স ফ্ৰণ্ট’ক ‘বিদেশী সন্ত্ৰাসবাদী গোষ্ঠী’ আৰু ‘বিশেষ আন্তৰ্জাতিক সন্ত্ৰাসবাদী’ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।” মাৰ্কিন বিদেশ মন্ত্ৰণালয়ৰ বিবৃতিত কোৱা হৈছে, “আমাৰ জাতীয় নিৰাপত্তাৰ স্বাৰ্থত আৰু পেহেলগামৰ ঘটনাত ট্ৰাম্পৰ ন্যায়বিচাৰৰ আশ্বাস সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

প্ৰসংগক্ৰমে, আমেৰিকাই বহু দিনৰ পৰা লস্কৰক এই দুয়োখন তালিকাত ৰাখিছে। এইবাৰ তেওঁলোকৰ ছায়া সংগঠনকো হোৱাইট হাউছে এই দুয়োখন তালিকাত অন্তৰ্ভুক্ত কৰিছে। আমেৰিকাৰ এই সিদ্ধান্ত প্ৰকাশ্যে ওলোৱাৰ পিছত ভাৰতে তাক স্বাগতম জনাইছে। আমেৰিকাৰ ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা সামাজিক মাধ্যমত লিখা হৈছে, “এয়া সন্ত্ৰাসবাদৰ মোকাবিলাত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা আৰু বুজাপৰাৰ আন এটা নিদৰ্শন।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...