কি পৰ্যায়ত আছে জোনমণিৰ মৃত্যুৰ তদন্ত?

ছ’চিয়েল মিডিয়াত নৰম হৈছে জোনমণি প্ৰসংগ। একাংশই সংবাদ মাধ্যমকো দোষী কৰিছে। নতুন বিষয়ে জোনমণি প্ৰসংগ তল পেলাব বুলি আশংকা কৰিছে। পিছে কথাবোৰ তেনেকুৱা নহয়। জোনমণিৰ মৃত্যুৰ তদন্তৰক প্ৰতিটো শেহতীয়া খবৰৰ বাবে সদা সষ্টম সংবাদ মাধ্যম। তাৰ মাজতে আহিছে কেতবোৰ গুৰুতৰ অভিযোগ। ঘটনাৰ সবিশেষ সোধোতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়েও। জোনমণিৰ মৃত্যু তদন্তৰ শেহতীয়া কথাবোৰ সামৰি এক প্ৰতিবেদন।

কি পৰ্যায়ত আছে জোনমণিৰ মৃত্যুৰ তদন্ত?
CBI-এ কেতিয়াকৈ আৰম্ভ কৰিব তদন্ত?
তাৰ মাজতে এজন অৱসৰপ্ৰাপ্ত IPS বিষয়াৰ একাধিক যুক্তি
মুখ্যমন্ত্ৰীৰো বিষয়ক লৈ শেহতীয়া মন্তব্য

জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ভেদ হবলৈ এতিয়াও বাকী। চছিয়েল মিডিয়াত নৰম হৈছে জোনমণি প্ৰসংগ। একাংশই সংবাদ মাধ্যমকো দোষী কৰিছে। নতুন বিষয়ে জোনমণি প্ৰসংগ তল পেলাব বুলি আশংকা কৰিছে। পিছে সদা সষ্টম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। সামাজিক মাধ্যমৰ ঢৌৰ সলনি সংবাদ মাধ্যমে বিশ্বাস কৰে তথ্য আৰু শেহতীয়া খবৰক। শেহতীয়া খবৰ অনুসৰি এতিয়ালৈ CBI-এ চমজি লোৱা নাই CID-এ যুগুত কৰা তদন্তৰ আপডেটছ। CID-এ চলাই গৈছে নিজা তদন্ত। তাৰ মাজতে এজন অৱসৰপ্ৰাপ্ত IPS বিষয়াই জোনমণি প্ৰসংগত আগবঢ়াইছে একাধিক যুক্তি। তেওঁৰ মতে-

নিজে অপৰাধ সৃষ্টি কৰি নিকা সমাজ গঢ়াৰ ‘ৱাহ ৱাহ’ লয় একাংশ আৰক্ষীয়ে
কোনোৱে আগ্নেয়াস্ত্ৰৰ পয়োভৰ ঘটাই নিজে চলায় অভিযান
৫ বছৰত অসমত কিমান নকল সোণেৰে প্ৰবঞ্চনাৰ কেছ ৰেজিষ্টাৰ হৈছে?
আৰক্ষীৰ ভিতৰভাগৰ অস্বাস্থ্যকৰ বাতাবৰণৰ কথাও উল্লেখ
জোনমণি মৃত্যুৰ তদন্তৰ মূল কামটোতেই ঘূণে ধৰাৰ কাৰণ ‘আনপ্ৰফেছনেল কাৰ্যপ্ৰণালী’

সামাজিক মাধ্যমত এটা পোষ্টৰ যোগেদি এনে বহু কথা উল্লেখ কৰিছে অৱসৰপ্ৰাপ্ত IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে। জোনমণিৰ মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ ৰেকৰ্ডিঙৰ বিষয়ে উত্থাপন হোৱা বহু কথা বতৰাক লৈ তেওঁ মন্তব্য কৰিছে যে ৰাতি কৰা পষ্টমৰ্টেম আৰু Custodial Deathৰ ক্ষেত্ৰত কৰা পষ্ট মৰ্টেমতহে মূলতঃ ভিডিঅ ৰেকৰ্ডিঙৰ বাধ্যবাধকতা আহি পৰে। লগতে তেওঁ উল্লেখ কৰিছে যে এই ঘটনা দুৰ্ঘটনানে হত্যা সেই কথা তদন্তৰ প্ৰাথমিক অৱস্থাতে শুদ্ধকৈ নিৰ্ণয় কৰিব পৰা যায়, আৰু CID ৰ দলে নিশ্চয় নিৰপেক্ষ আৰু বিজ্ঞানসন্মত ভাৱে ইয়াক নিৰূপণ কৰিছে। যদি হত্যা হয়, তেন্তে হত্যাকাৰীক চিনাক্ত কৰি সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰাটো তদন্তৰ মূল কাম হ’ব। কিন্তু পৰিতাপৰ কথা এই যে তদন্তৰ এই মূল কামতেই ঘূণে ধৰিছে, যিটোৰ মূল কাৰণ Unprofessional কাৰ্যপ্ৰণালী।
এইসমূহৰ মাজতে মুখ্যমন্ত্ৰীৰো শেহতীয়া মন্তব্য –
CBI-এ চমজি লোৱাৰ পিছত কোনো হস্তক্ষেপ নাথাকিব অসম চৰকাৰ
আইনৰ মেৰপছ কিম্বা আইনৰ সুৰুঙা, আনপ্ৰফেছনেল কাৰ্যপ্ৰণালী কিম্বা একাংশ আৰক্ষীৰ ব্যক্তিগত লাভালাভ। কাৰোবাৰ দীঘল হাত কিম্বা কাৰোবাৰ নেতা মন্ত্ৰীৰে সম্পৰ্ক ভাল। এই সকলোবোৰৰ উৰ্দ্ধত হৈছে ন্যায়। গতিকে জোনমণিয়ে ন্যায় পাওক। ৰাইজ সচেতন থাকক। ঘটনাৰ শেহতীয়া সকলো আপডেটছৰ দায়িত্ব সংবাদ মাধ্যমৰ। অন্ততঃ সমগ্ৰ অসমত চৰ্চিত এই বিষয়ৰ প্ৰকৃত তদন্ত নোলোৱালৈকে এন কে টিভিয়ে কোনো কাৰণত আপোচ নকৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...