মানহানিৰ গোচৰত জনী ডেপৰ জয়, এম্বাৰ হাৰ্ডে পৰিশোধ কৰিব লাগিব ১৫ নিযুত ডলাৰ

অৱশেষত আহিল হলীউডৰ তাৰকা জনী ডেপ আৰু এম্বাৰ হাৰ্ডৰ মাজত চলা এক গোচৰৰ বিচাৰ। যিটো ৰায় আদালতে দিলে জনী ডেপৰ পক্ষত। মানহানিৰ গোচৰত ইজনে সিজনৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন দম্পতীটোৱে। এই গোচৰৰে ৰায়ৰ শুনানি হয় ভাৰ্জিনিয়াৰ ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত।

বুধবাৰে হলীউড অভিনেতা জনি ডেপৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ বিৰুদ্ধে মানহানিৰ গোচৰত ডেপৰ পক্ষত ৰায় দিয়ে আদালতে। এম্বাৰে দাবী কৰিছিল যে ডেপে তেওঁলোকৰ বিবাহৰ আগতে আৰু পিছত এম্বাৰক উৎপীড়ন চলাইছিল।

আদালতে হাৰ্ডৰ পক্ষ শুনি কয় যে ডেপৰ উকীলে তেওঁক বদনাম কৰিছিল আৰু তেওঁৰ দুৰ্ব্যৱহাৰৰ অভিযোগক মিছা বুলি অভিহিত কৰিছিল। ডেপক ক্ষতিপূৰণৰ বাবে ১৫ নিযুত ডলাৰ পৰিশোধ কৰিব লাগে, আনহাতে হৰ্ডে ২ নিযুত ডলাৰ পাব লাগে।

২০১৮ চনৰ ডিচেম্বৰ মাহৰ এক অ’প-এডত ফেয়াৰফেক্স কাউণ্টি চাৰ্কিট আদালতত মানহানিৰ গোচৰ ৰুজু কৰিছিল ডেপে। ৱাশ্বিংটন পোষ্টত হৰ্ডৰ এটা প্ৰবন্ধৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...