৫ বছৰত ভাৰতত ৪২ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিব জাপানে

যুদ্ধ বিধ্বস্ত ইউক্ৰেইন সন্দৰ্ভত নিজস্ব স্থিতি স্পষ্ট কৰি জাপান আৰু ভাৰতে ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। নতুন দিল্লীত শনিবাৰে ভাৰত ভ্ৰমণৰত জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিডাৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰে। বৈঠকত বিভিন্ন বিষয় লৈ দুয়োজন ৰাষ্ট্ৰনেতাই মত বিনিময় কৰে। ইউক্ৰেইন সন্দৰ্ভত তেওঁলোকে আন্তৰাষ্ট্ৰীয় একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে আন কেইবাখনো দেশৰ লগতে জাপানেও ৰাছিয়াৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত অৱৰোধ ঘোষণা কৰিছে। আনহাতে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী কিছিডাই নিৰাপত্তা আৰু অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতক সহযোগ কৰাৰ আশ্বাস দিয়ে। অহা ৫ বছৰৰ ভিতৰত জাপানে ভাৰতত ৩.২ লাখ কোটি টকা বিনিয়োগ কৰিব বুলি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। শেহতীয়াকৈ জাপানৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক যথেষ্ট উন্নত হোৱা বুলি উল্লেখ কৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত ভাৰতত বিনিয়োগৰ মাত্ৰা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। দুয়োখন দেশৰ মাজত শীঘ্ৰে বিশেষ বৈঠক অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে জাপানৰ প্ৰধানমন্ত্ৰী কিছিডাই। তেওঁ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া QUAD শীৰ্ষ সন্মিলত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনায়। দুয়োজন প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছতে ভাৰত আৰু জাপানৰ মাজত ৬খনকৈ চুক্তি স্বাক্ষৰিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...