জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভাৰত ভ্ৰমণ, উদ্দেশ্য কি?

দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা নতুন দিল্লীত উপস্থিত হৈছে। বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই ভ্ৰমণকালত কিছিদাই চতুৰ্দশ ইণ্ডিয়া-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব। কিছিদাৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পিছত প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে অন্তিমবাৰলে ২০১৮ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল বাৰ্ষিক সন্মিলনত। টকিঅত অনুষ্ঠিত সেই সন্মিলনৰ পিছত কভিডকালীন পৰিস্থিতিৰ বাবে পুনৰ অনুষ্ঠিত হোৱা নাছিল। অৱশ্যে ভাৰ্চুৱেল মিটিং আৰু ফোনযোগে বিষয়া পৰ্যায়ৰ বৈঠক সময়ে সময়ে অনুষ্ঠিত হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...