জাপানৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভাৰত ভ্ৰমণ, উদ্দেশ্য কি?

দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিছে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা নতুন দিল্লীত উপস্থিত হৈছে। বিমান বন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। এই ভ্ৰমণকালত কিছিদাই চতুৰ্দশ ইণ্ডিয়া-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব। কিছিদাৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণৰ পিছত প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে অন্তিমবাৰলে ২০১৮ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল বাৰ্ষিক সন্মিলনত। টকিঅত অনুষ্ঠিত সেই সন্মিলনৰ পিছত কভিডকালীন পৰিস্থিতিৰ বাবে পুনৰ অনুষ্ঠিত হোৱা নাছিল। অৱশ্যে ভাৰ্চুৱেল মিটিং আৰু ফোনযোগে বিষয়া পৰ্যায়ৰ বৈঠক সময়ে সময়ে অনুষ্ঠিত হৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...