NKTV PLUSত পেহেলগামৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনা EXCLUSIVE

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত উপস্থিত আছিল অসমৰ এটা পৰিয়াল। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰিছিল শিলচৰৰ পৰিয়ালটো। পৰিয়ালৰ সৈতে পেহেলগামলৈ ফুৰিবলৈ গৈছিল শিলচৰ নিবাসী দেবাশীষ ভট্টাচাৰ্য। পত্নী–পুত্ৰক লগত লৈ দেবাশীষ ভট্টাচাৰ্য গৈছিল ফুৰিবলৈ। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত জংঘলত লুকাই প্ৰাণৰক্ষা কৰে পৰিয়ালটোৱে। এটা সন্ত্ৰাসবাদীয়ে পৰিয়ালটোক দেখি গুলিয়াবলৈ উদ্যত হৈছিল। প্ৰথমে পৰিয়ালটোক কলিমা পঢ়িবলৈ নিৰ্দেশ দিয়ে সন্ত্ৰাসবাদীয়ে। তিনিজনীয়া পৰিয়ালটোৰ কলিমা সন্দৰ্ভত পূৰ্বৰে পৰা জ্ঞান আছিল। সন্ত্ৰাসবাদীৰ সন্মুখত কলিমা পঢ়াৰ পিছতে তেওঁলোকক ৰেহাই দিয়ে। পৰিয়ালটোৰ সৈতে একেলগে লুকাই থকা আন এজন লোকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীটো আঁতৰি যোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে তেওঁলোকে।

শেহতীয়াকৈ NKTV PLUSৰে হোৱা টেলিফোনিক বাৰ্তালাপত ঘটনাৰ সময়ত কেতবোৰ শিহৰণকাৰী বৰ্ণনা কৰিছে দেবাশীষ ভট্টাচাৰ্যই। তেওঁ কয় যে, ‘হঠাতে গুলীৰ শব্দ শুনি আমি গছৰ তলত শুই গৈছিলো, আমাৰ কাষতে থিয় হৈ থকা এজন মানুহক গু*লীয়াই দিলে…’ সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে চলাই গৈছিল গুলী। ভয় লগা মুহূৰ্তৰ কথা শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰো। NKTV PLUSত পেহেলগামৰ ঘটনাৰ বিষয়ে আৰু কি ক’লে দেবাশীষ ভট্টাচাৰ্যই? চাওক সবিশেষ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...