দক্ষিণ গাজাৰ চিকিৎসালয়ত আক্ৰমণ ইজৰাইলৰ; ৪জন সাংবাদিকসহ ১৫জন লোকৰ মৃত্যু

দক্ষিণ গাজাৰ এখন চিকিৎসালয়ত সোমবাৰে দুপৰীয়া ইজৰাইলী সেনাই বোমাৰে আক্ৰমণ চলায়। এই আক্ৰমণত এতিয়ালৈকে প্ৰায় ১৫গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে, যাৰ ভিতৰত ৪জন সাংবাদিকো আছে।

আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় সময় হিচাপে সোমবাৰৰ দুপৰীয়া ১ বজাত চিকিৎসালয়খনত ইজৰাইলে বোমা আক্ৰমণ চলায়। এই ঘটনাত চাৰিজন সাংবাদিককে ধৰি অন্ততঃ ১৫ জনৰ মৃত্যু হৈছে। নিহত সাংবাদিকসকলৰ নাম হৈছে হোছাম আল-মাছৰি (ৰয়টাৰ্ছৰ চিত্ৰ সাংবাদিক), মহম্মদ চালামা (আল জাজিৰাৰ চিত্ৰ সাংবাদিক), মাৰিয়াম আবু দাকা (এছ’চিয়েটেড প্ৰেছ আৰু বিভিন্ন সংবাদ সংস্থাৰ ফ্ৰিলেন্স সাংবাদিক) আৰু মোৱাজ আবু তাহা (এনবিচি নেটৱৰ্কৰ সাংবাদিক)। এই ঘটনাৰ পিছত বিগত দুবছৰত গাজাত সৰ্বমুঠ ২৪৪গৰাকী সাংবাদিকৰ মৃত্যু হৈছে।

প্ৰতিবেদনত জনোৱা হৈছে যে, সোমবাৰে দুপৰীয়া প্ৰথমে ইজৰাইলে চিকিৎসালয়খনত বোমা নিক্ষেপ কৰে। সেই সময়ত চিকিৎসালয়খনৰ চালত এজন সাংবাদিক আছিল। তেওঁক উদ্ধাৰ কৰিবলৈ সহকৰ্মীসকল আৰু উদ্ধাৰকাৰী দলৰ কেইজনমান চাললৈ যায়। তেনে সময়তে ইজৰাইলে একেটা স্থানতে পুনৰ বোমাৰে আক্ৰমণ চলায়, যাৰ ফলত চাৰি সাংবাদিককে ধৰি বহুজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

বিগত মে’ মাহৰ পৰা ইজৰাইলী সেনাই গাজাৰ ত্ৰাণশিবিৰ আৰু চিকিৎসালয়সমূহত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। এই আক্ৰমণত এতিয়ালৈকে ১৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি অভিযোগ উঠিছে। চলিত মাহৰ আৰম্ভণিৰ পৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে গাজা দখলৰ বাবে আৰু অধিক দৃঢ়প্ৰতিজ্ঞ হৈছে। গাজাক হামাছমুক্ত কৰাৰ উদ্দেশ্যে পাঁচটা নীতি ঘোষণা কৰা হৈছে, য’ত গাজাৰ সীমান্তৰ পুনৰ্বিন্যাস, হামাছ আৰু পেলেষ্টাইনী কৰ্তৃপক্ষৰ বিকল্প প্ৰশাসন প্ৰতিষ্ঠা আদি বিষয়ো অন্তৰ্ভুক্ত। এই সিদ্ধান্তৰ বাবে আন্তৰ্জাতিক স্তৰত নেতানিয়াহুৰ তীব্ৰ সমালোচনা চলিছে। ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা গাজাত ইজৰাইলী আক্ৰমণ আৰম্ভ হোৱাৰ পিছৰ পৰা এতিয়ালৈকে ৬১,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বেচৰকাৰী হিচাপত এই সংখ্যা আৰু অধিক। এসপ্তাহৰ আগতে ইজৰাইলৰ আক্ৰমণত পেলেষ্টাইনী সাংবাদিক আনাছ আল-শ্বৰিফ আৰু তেওঁৰ চাৰি সহকৰ্মীৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...