এইবাৰেই শেষৰখন IPL হ’ব পাৰে মহেন্দ্ৰ সিং ধোনীৰ!

মহাতাৰকা মাহিক চাবলৈ আহিল হাজাৰ-হাজাৰ অনুৰাগী

খেল অনুষ্ঠিত হৈছিল কলকাতাত। ঘৰুৱা দল আছিল কলকাতা নাইট ৰাইডাৰ্ছ। কিন্তু ষ্টেডিয়ামত দৰ্শকৰ পূ্ৰ্ণ সমৰ্থন ধোনীৰ প্ৰতিহে। পূ্বৰ খেলত বেঙুনীয়া হৈ থকা ইডেন হৈ পৰিল হালধীয়া। চাওক এই সমূহ ফটো। এই সকল ফটোই যেন প্ৰমাণ কৰিছে এম এছ ধোনীলৈ অনুৰাগী সকলৰ মৰম কিমান। ১৫ বছৰ গৌৱোজ্জল কেৰিয়াৰত ধোনীয়ে IPLত গঢ়িছে বহু ৰেকৰ্ড। ৪ বাৰকৈ IPLৰ খিতাপ দখল কৰা এম এছ ধোনীৰ হয়তো এইটো ছিজন হ’ব পাৰে অন্তিম। সেইবাবে হিল-দল ভাঙি এম এছ ধোনীক চাবলৈ আহিল হাজাৰ হাজাৰ অনুৰাগী। অকল ইডেন গাৰ্ডেন বুলি নহয়। দেশৰ সকলো প্ৰান্ততে ধোনীলৈ অনুৰাগীৰ একেই উছাহ। প্ৰতিখন ষ্টেডিয়ামত হালধীয়া জাৰ্ছি পিন্ধি আহি ধোনীক সমৰ্থন জনাবলৈ ওলাই আহে অনুৰাগী।

কলকাতাত ইমান সমৰ্থন দেখি এম এছ ধোনীয়েও মেচৰ শেষত অনুৰাগী সকলক ধন্যবাদ জনায়। ধোনীয়ে লগতে কয় ‘ইমান সংখ্যক লোকে ষ্টেডিয়ামত হালধীয়া জাৰ্চী পিন্ধি আহিছে। তেওঁলোকে মোক শেষবাৰলৈ বিদায় দিবলৈ আহিছে চাগে।’ ইয়াৰ পূৰ্বে ধোনীয়ে এই বছৰ তেওঁৰ অন্তিম IPL ছিজন হ’ব বুলি ইংগিত দি আছে যদিও এতিয়ালৈ সেয়া স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে, ইডেন গাৰ্ডেনত অনুস্থিত হোৱা মেচখনত KKRক ৪৯ ৰানত পৰাস্ত কৰি IPLৰ পইন্টছ তালিকাৰ শীৰ্ষত উপনীত হৈছিল চেন্নাই ছুপাৰ কিংছ। মেচত ২৩৬ ৰানৰ বৃহৎ লক্ষ্য দিয়ে চেন্নাইয়ে। চেন্নাইৰ হৈ আজিংক্য ৰাহানেই ২৯টা বলত ৭১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। চেন্নাইৰ এই বিশাল স্ক’ৰৰ প্ৰতুক্তৰত কেৱল ১৮৬ ৰান কৰিবলৈ সক্ষম হয় কলকাতাৰ দলে। চেন্নাইৰ এই জয়ৰ সৈতে কলকাতাত ধোনীৰ সমৰ্থনলৈ খুব চৰ্চা লাভ কৰিছে। মহাতাৰকা ধোনীক বিদায়ৰে হয়তু কলকাতা নাইট ৰাইডাৰ্ছৰ HOME GROUND বেঙুনীয়া ইডেন হৈ পৰে হালধীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...