কে কেৰ মৃত্যুৰ বাবে জগৰীয়া কোন?

এক দুখজনক বাতৰি, প্ৰখ্যাত সংগীত শিল্পী কে কেৰ আকস্মিক বিয়োগ। ৫৩ বছৰ বয়সতে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় সংগীত শিল্পী কৃষ্ণকুমাৰ কুন্নাথৰ। সমগ্ৰ ভাৰতবৰ্ষত কে কে হিচাপে জনপ্ৰিয় তেওঁ। মৃত্যুৰ কিছু সময় পূৰ্বলৈ কলকাতাত LIVE IN CONCERT কৰি আছিল সংগীত শিল্পীগৰাকীয়ে। কলকাতাৰ বিবেকানন্দ মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামৰ নজৰুল মঞ্চত স্বভাৱসুলভ ভংগীমাৰে উজ্জীৱিত হৈ সংগীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পীগৰাকীয়ে।

কিন্তু অনুষ্ঠানত সংগীত পৰিৱেশনৰ পিছতে অসুস্থ হৈ পৰিছিল কে কে। প্ৰথমে হোটেল আৰু তাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁক। কলকাতাৰ CMRI হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় জনপ্ৰিয় কণ্ঠশিল্পীজনৰ। কে কেৰ এই আকস্মিক মৃত্যুৰ পিছতে বিবেকানন্দ মহাবিদ্যালয়ৰ সংগীতানুষ্ঠানত সৃষ্টি হোৱা পৰিৱেশক লৈ প্ৰথমে কলকাতা আৰু তাৰ পিছত সমগ্ৰ দেশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

অনুষ্ঠান পৰিৱেশনৰ সময়ত মঞ্চত অনাকাংক্ষিত পৰিৱেশৰ উদ্ভৱ হৈছিল। ইনড’ৰ ষ্টেডিয়ামত AC-এ কাম কৰা নাছিল, অসুবিধা পাইছিল KKই। উদ্যোক্তাক বাৰে বাৰে জনাইছিল সেই কথা। দৃশ্যত স্পষ্ট হৈছে বাৰম্বৰ ৰুমালেৰে ঘৰ্মাক্ত মুখমুণ্ডল মচিছিল কেকেই। সহযোগী বাদ্যযন্ত্ৰীক কৈছিল তেওঁ কষ্ট পোৱাৰ কথা। ইপিনে ইনড’ৰ ষ্টেডিয়ামখনত বহন ক্ষমতাতকৈ দুগুণ আছিল দৰ্শকৰ সংখ্যা।

৩ হাজাৰ দৰ্শক উপস্থিত থাকিব পৰা ইনড’ৰ ষ্টেডিয়ামখনত কেকেৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গেট ভাঙি সোমাইছিল প্ৰায় ৬ হাজাৰ লোক। প্ৰচণ্ড গৰমত দহি থকা কলকাতাত সেই ইনড’ৰ ষ্টেডিয়ামৰ ভিতৰত কালি নিশা এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। AC অন কৰি মঞ্চৰ লাইট অফ কৰিবলৈ উদ্যেক্তাক অনুৰোধ জনাইছিল KKই।

কিন্তু বিসংগতিৰ বাবে AC অন নহ’ল। মঞ্চৰ অগ্নিনিৰ্বাপক যন্ত্ৰ ভাঙি গেছ নিৰ্গত হোৱাৰ খবৰো ওলাইছে। সংগীতানুষ্ঠান শেষ কৰি হোটেললৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰিছিল কে কে। ততাতৈয়াকৈ তেওঁক কলকাতাৰ CMRI হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাললৈ নিয়াৰ পথতে তেওঁৰ আকস্মিকভাৱে তেওঁৰ মৃত্যু হয়। KKৰ মূৰৰ বাওঁপিনে আঘাতৰ চিন পাইছে চিকিৎসকে। হোটেলতে অসুস্থ হৈ কণ্ঠশিল্পীগৰাকী কোঠাত পৰি যোৱাৰ সন্দেহ কৰিছে চিকিত্সকৰ দলে।

KKৰ এই আকস্মিক মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ দেশবাসী। টুইটযোগে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হিন্দী, তামিলসহ মুঠ ৮ ভাষাত গীত পৰিৱেশেনেৰ লক্ষ লক্ষ জনৰ হৃদয় জিনিছিল কৃষ্ণ কুমাৰ কুন্নাথে।মাছিচ নামৰ চিনেমা খনৰ ছৌড় আয়ে হাম শীৰ্ষক গীতেৰে সংগীত যাত্ৰা আৰম্ভ কৰিছিল শিল্পীজনে।

২০০০ চনত কেকে য়ে হাম দিল দে চুকে নামৰ চিনেমাখনৰ তড়প তড়প শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ প্লে বেক গায়কৰ বটাঁ অৰ্জন কৰিছিল। ২০০৮ আৰু ২০০৯ চনতো শ্ৰেষ্ঠ প্লে বেক গায়কৰ সন্মান অৰ্জন কৰে কেকেয়ে। কেকেৰ গীতে দেশৰ প্ৰতিটো স্তৰৰ লোকৰ হৃদয়ত স্থান লাভ কৰিছিল। তেঁও গীতৰ জড়িয়তে চিৰস্মৰণীয় হৈ থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...