আসন্ন নেকি বাংলাদেশ আৰু ম্যানমাৰৰ মাজৰ যুদ্ধ

✒️ অচিন্ত্য শৰ্মা

বিশ্ব প্ৰান্তে প্ৰান্তে এতিয়া যুদ্ধৰ দৱানল আৰু সম্ভাব্য যুদ্ধৰ আয়োজন। বিভিন্ন সীমান্তত সংঘাতৰ উত্তাপ আৰু উত্তেজনা। এই উত্তপ্ত সীমান্তৰ তালিকাতে শেহতীয়াভাবে সংযোজিত হৈছে বাংলা-বাৰ্মা সীমান্তও। কাৰ্যত: যিকোনো মুহূৰ্ততে পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ হ’ব পাৰে বাংলাদেশ সীমান্তত। হত্যা আৰু ধ্বংসযজ্ঞত লিপ্ত হ’ব পাৰে বিশ্বৰ এই দুই অন্যতম দৰিদ্ৰ ৰাষ্ট্ৰ। দৰাচলতে প্ৰায় এপষেকৰো অধিক কাল আগতেই আৰম্ভ হৈছে ম্যানমাৰ আৰু বংলাদেশৰ মাজৰ সীমান্ত উত্তেজনা। আৰু এইবাৰো এই উত্তেজনাৰ মুখ্য কাৰণ হৈছে ৰোহিংগ্যা দুবৃত্তহঁতৰ কাৰ্যকলাপ। নিজৰ হিংসুক স্বভাৱৰ বাবে ম্যানমাৰৰ পৰা খেদা খাই বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগ্যা দুৰ্বৃত্তহঁতে বাংলাদেশৰ মাটিতো গঢ়ি তুলিছে নিজৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আৰকান ৰোহিংগ্যা ছালাভেশ্যন আৰ্মী, আৰকান ৰোহিংগ্যা ছালভেশ্যন আৰ্মী গঢ়ি তুলিয়েই ৰোহিংগ্যাহঁতে ম্যানমাৰৰ খিলঞ্জীয়া বৌদ্ধসকলৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু পৰিণতিত এটা সময়ত নিজেই ম্যানমাৰৰ পৰা বিতাড়িত হ’ব লগা হৈছিল। এতিয়া বাংলাদেশতো একেই ইছলামিক সন্ত্ৰাসবাদী সংগঠন সৃষ্টি কৰি ৰোহিংগ্যাহঁতে আৰম্ভ কৰিছে ম্যানমাৰৰ সীমান্ত চকীসমূহৰ ওপৰত আক্ৰমণ।

দৃঢ় তথা সাহসী ম্যানমাৰৰ প্ৰশাসনে লগে লগে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ। এই প্ৰত্যাক্ৰমণৰ পৰিণতিত বাংলাদেশৰ আভ্যন্তৰতো বিস্ফোৰণ হ’বলৈ লৈছে ম্যানমাণৰৰ সেনাৰ বোমা আৰু গোলা। আনকি এনে বোমা আৰু গোলাৰ আঘাতত বাংলাদেশৰ ভূমিতেই নাগৰিকৰ মৃত্যু পৰ্যন্ত ঘটিছে। ম্যানমাৰৰ উক্ত কাৰ্যৰ প্ৰতিবাদত সৰৱ হৈ উঠিছে ঢাকা মহল। কূটনৈতিক মাধ্যমসমূহৰ জৰিয়তে ম্যানমাৰক জনাই দিয়া হৈছে যে শ্বেখ হাছিনা চৰকাৰে বাংলাদেশৰ মাটি কোনো কাৰণতে ম্যানমাৰ বিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ হ’বলৈ দিয়া নাই আৰু নিদিয়ে। প্ৰয়োজনত সমগ্ৰ বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰাৰো হুংকাৰ দিছে শ্বেখ হাছনাই। পিছে ম্যানমাৰে বাংলাদেশক দি দিছে এই সন্দৰ্ভত নিজৰ হাতত থকা সকলো তথ্য প্ৰমাণ। এনে অৱস্থাত এতিয়া বাংলাদেশেও ম্যানমাৰক সামৰিক প্ৰত্যুত্তৰ দিয়াৰ কথা ভাবিবলৈ বাধ্য হৈছে। সতৰ্ক কৰি দিয়া হৈছে ব’ৰ্ডাৰ গাৰ্ডছ অব্ বাংলাদেশ, চমুকৈ বিজিবি, বাংলাদেশ উপকূলীয় বাহিনী, দেশৰ নৌসেনা, স্থল সেনা আৰু বায়ুসেনাক। তিনিওটা বাহিনীৰ মুৰব্বীকেইগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই জৰুৰী বৈঠকতো মিলিত হৈছে। সক্ৰিয় উঠিছে বাংলাদেশৰ বিদেশ আৰু গৃহমন্ত্ৰালয়ো। সকলো মিলাই চলিছে ব্যাপক এক যুদ্ধৰ প্ৰস্তুতি। উদ্বিগ্নতাভৰা অপেক্ষা মাত্ৰ ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হোৱালৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...