আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত ট্ৰাকৰ শাৰী! উপগ্ৰহৰ ছবি প্ৰকাশ, কাৰণ সন্দৰ্ভত জল্পনা-কল্পনা অব্যাহত

নানা জল্পনা-কল্পনাৰ মাজতে দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে আমেৰিকাই। তাৰ ভিতৰত ফ’ৰড’ৰ মাটিৰ তলৰ পৰমাণু কেন্দ্ৰৰ ৬টা ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰা হৈছে বুলি দাবী কৰা হৈছে। ঘটনাক্ৰমে, আমেৰিকাৰ আক্ৰমণৰ ঠিক আগতে ইৰাণৰ ফ’ৰড’ৰ এই পৰমাণু কেন্দ্ৰত কিছু তৎপৰতা লক্ষ্য কৰা গৈছিল। এই কথা পোহৰলৈ আনিছে উপগ্ৰহৰ চিত্ৰই।

‘মেক্সাৰ’ নামৰ উপগ্ৰহ সংস্থাৰ এজন বিশেষজ্ঞক উদ্ধৃত কৰি আমেৰিকাৰ সংবাদপত্ৰ ‘দ্য ৱাশ্বিংটন পোষ্ট’-এ জনাইছে, আমেৰিকাৰ আক্ৰমণৰ দুদিন আগতে ফ’ৰড’ৰ পৰমাণু কেন্দ্ৰত কিছু অস্বাভাৱিক তৎপৰতা পৰিলক্ষিত হৈছিল। পৰমাণু কেন্দ্ৰৰ য’ত সামৰিক ঘাটি আছে, সেই পথত ১৬খন মালবাহী ট্ৰাক দেখা গৈছিল বিগত ১৯ জুন তাৰিখে।

পৰৱৰ্তী দিনৰ উপগ্ৰহ চিত্ৰত দেখা গৈছে, কেইবাখনো ট্ৰাক উত্তৰ-পশ্চিম দিশলৈ প্ৰায় ১ কিলোমিটাৰ আগুৱাই গৈছে। ইয়াৰ লগত পৰমাণু কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত আৰু কেইবাখনো ট্ৰাক আৰু বুলড’জাৰ দেখা গৈছে।

উপগ্ৰহ চিত্ৰ পোহৰলৈ অহাৰ পিছতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে, আমেৰিকাই আক্ৰমণ চলাব পাৰে বুলি ভাবি ইৰাণে পৰমাণু প্ৰকল্পৰ জৰুৰী সা-সৰঞ্জাম স্থানান্তৰৰ প্ৰস্তুতি চলাইছিল নেকি? কিছুসংখ্যকে কয়, ইৰাণে তেওঁলোকৰ পৰমাণু প্ৰকল্পৰ সা-সৰঞ্জাম কোনো অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰিব নোৱাৰে, সেয়েহে দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হঠাতে ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলায়। যদিও এই দাবীৰ আনুষ্ঠানিক সমৰ্থন আমেৰিকা বা ইৰাণৰ তৰফৰ পৰা পোৱা নাই।

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময়) ট্ৰাম্পে দাবী কৰিছে, ইৰাণৰ নাটানজ, ফ’ৰড’ আৰু ইছফাহান পৰমাণু কেন্দ্ৰত আক্ৰমণ চলোৱা হৈছে। এই আক্ৰমণত ‘বাংকাৰ বাষ্টাৰ’ আৰু ‘বি ২ বম্বাৰ’ ব্যৱহাৰ কৰা হৈছে। ৰয়টাৰ্ছৰ প্ৰতিবেদনত কোৱা হৈছে, ইৰাণৰ ফ’ৰড’ পৰমাণু কেন্দ্ৰত ৬টা ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰা হৈছে। ‘জিবিইউ-৫৭ মেছিভ অৰ্ডনেন্স পেনিট্ৰেটৰ’ (এমঅ’পি) নামেৰেও জনাজাত এই বোমা। এই বোমা নিক্ষেপৰ বাবে আমেৰিকাই বি ২ স্পিৰিট বোমাৰু বিমান ব্যৱহাৰ কৰিছে, যি বিমানে ১৫ টন ওজনৰ বোমা বহন কৰিব পাৰে।

ইৰাণত আক্ৰমণ চলোৱাত এই দুটা ধ্বংসাত্মক অস্ত্ৰৰ ব্যৱহাৰত উল্লাসিত ট্ৰাম্প। আক্ৰমণৰ সেই মুহূৰ্তক তেওঁ আমেৰিকা আৰু ইজৰাইলৰ ‘ঐতিহাসিক মুহূৰ্ত’ বুলি বৰ্ণনা কৰিছে। লগতে এই বাৰ্তাও দিব খুজিছে যে, প্ৰয়োজন হ’লে এই আক্ৰমণৰ তীব্ৰতা আৰু বৃদ্ধি কৰিবলৈ আমেৰিকা প্ৰস্তুত। কেৱল ‘বাংকাৰ বাষ্টাৰ’য়েই নহয়, আমেৰিকাৰ নৌ-বাহিনীয়ে ট’মাহক ক্ষেপণাস্ত্ৰৰ সহায়ত ইৰাণৰ নাটানজ আৰু ইছফাহান নামৰ দুটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাইছে বুলি সংবাদ মাধ্যমৰ সূত্ৰত খবৰ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...