ইৰাণে ‘ধৰ্মীয় ৰাজধানী’ৰ মছজিদৰ ওপৰত উৰুৱালে ৰঙা পতাকা

শুক্ৰবাৰে জুম্মাৰ নামাজৰ পিছত পুনৰ ইৰাণৰ কোম চহৰৰ জামকাৰান মছজিদৰ শীৰ্ষত উৰিছে ৰঙা পতাকা। ইৰাণৰ ‘ধৰ্মীয় আৰু সাংস্কৃতিক ৰাজধানী’ হিচাপে পৰিচিত কোমৰ এই মছজিদ, যিটো শ্বিয়া ধৰ্মাৱলম্বীৰ বাবে ইৰাণৰ প্ৰধান মছজিদ, তাত এই ৰঙা পতাকা উৰোৱা হৈছে।

অতীতত তেহৰানৰ শাসকবৰ্গই শত্ৰুদেশৰ বিৰুদ্ধে আনুষ্ঠানিক যুদ্ধ ঘোষণাৰ আগতে সৰ্বোচ্চ ধৰ্মীয় নেতৃত্বৰ নিৰ্দেশত জামকাৰান মছজিদৰ চূড়াত যুদ্ধৰ প্ৰতীক হিচাপে ৰঙা পতাকা উৰুৱাইছিল। ইজৰাইলৰ বিমান আক্ৰমণত একাধিক সেনা আৰু পৰমাণু বিজ্ঞানীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেইৰ নিৰ্দেশত এই যুদ্ধৰ পতাকা উৰোৱা হৈছে বুলি ধাৰণা কৰা হৈছে।

বুধবাৰে পুৱা ইজৰাইলৰ বিমান আক্ৰমণত ইৰাণৰ সেনাৰ ‘চিফ অৱ ষ্টাফ’ মেজৰ জেনেৰেল মহম্মদ বাগেৰীৰ লগতে ‘ইছলামিক ৰেভলিউশ্যনাৰী গাৰ্ড’ বাহিনীৰ প্ৰধান কমাণ্ডাৰ মেজৰ জেনেৰেল হোছেন ছালামী আৰু ডেপুটি কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল ঘোলামালি ৰশিদ নিহত হৈছে। ইয়াৰ উপৰি ৰেভলিউশ্যনাৰী গাৰ্ডৰ মহাকাশ বাহিনীৰ (যিটো বাহিনীৰ হাতত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দায়িত্ব আছে) প্ৰধান মেজৰ জেনেৰেল আমিৰ আলি হাজিজাদে আৰু ইৰাণৰ ছয়জন পৰমাণু বিজ্ঞানীৰো মৃত্যু হৈছে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ‘ইৰনা’ই জনোৱা মতে, নিহতসকলৰ ভিতৰত আছে ইৰাণৰ পৰমাণু শক্তি সংস্থাৰ প্ৰাক্তন প্ৰধান ফেৰেউদুন আব্বাছি।

তেল আভিভৰ এই অতৰ্কিত আক্ৰমণৰ পিছতে জামকাৰান মছজিদত ৰঙা পতাকা উৰুৱাই প্ৰতিশোধৰ বাৰ্তা দিয়া হৈছে। ২০২০ চনত আমেৰিকাৰ ক্ষেপণাস্ত্ৰৰ আঘাতত ৰেভলিউশ্যনাৰী গাৰ্ডৰ প্ৰধান মেজৰ জেনেৰেল কাছেম চোলেমানি নিহত হোৱাৰ পিছতো এই মছজিদৰ চূড়াত ৰঙা পতাকা উৰোৱা হৈছিল প্ৰতিশোধৰ বাৰ্তা হিচাপে। সেই সময়ত ইৰাণে পশ্চিম এছিয়াৰ বিভিন্ন আমেৰিকান সেনা ঘাটিত এটাৰ পিছত এটাকৈ আক্ৰমণ চলাইছিল। এই পৰিস্থিতিৰ মাজতে শুক্ৰবাৰে বিয়লি আয়াতোল্লাই ইৰাণৰ সেনাৰ ‘চিফ অৱ ষ্টাফ’ পদত মেজৰ জেনেৰেল আব্দুৰ ৰহিম মুছাৱিক আৰু ৰেভলিউশ্যনাৰী গাৰ্ডৰ নতুন কমাণ্ডাৰ হিচাপে মেজৰ জেনেৰেল মহম্মদ পাকপাৰক নিযুক্ত কৰিছে বুলি ইৰাণৰ সংবাদ মাধ্যমে জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...