এটা ইনষ্টাগ্ৰাম পোষ্টত ৫ কোটি টকা পায় কোহলিয়ে, প্ৰিয়ংকা চোপ্ৰাই কিমান পায় জানেনে?

আগশাৰীৰ তাৰকাসকলৰ অসংখ্য অনুৰাগী থাকে। অনুৰাগীসকলে তাৰকাসকলৰ জীৱন প্ৰণালী আৰু বিভিন্ন কাম-কাজে প্ৰতি পলে পলে লক্ষ্য কৰি থাকে। সেইসকলক আদৰ্শ হিচাপে নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে অনুৰাগীসকলে। এই তাৰকাসকলক বিভিন্ন প্ৰমচনেল বা ব্যৱসায়িক প্ৰচাৰৰ বাবেও জড়িত কৰে বিভিন্ন প্ৰতিষ্ঠানসমূহে। এই তাৰকাসকলে বিভিন্ন দৰত তেওঁলোকে নিজৰ একাউণ্টত শ্বেয়াৰ কৰে আকৰ্ষণীয় পোষ্ট। তালিকাখন দীঘলীয়া যদিও বিশ্বত সৰ্বাধিক ধন লাভ কৰে ক্ৰীড়া আৰু কলা-সংগীত জড়িত তাৰকাই। ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে আটাইতকৈ বেছি ধন লাভ কৰে এটা পোষ্টৰ বিপৰীতে। প্ৰতিটো পোষ্টৰ বিনিময়ত ১১.৯৪ কোটি টকা লাভ কৰে ফুটবল তাৰকাগৰাকীয়ে। তাৰ বিপৰীতে দ্বিতীয় স্থানত ডুৱেন জনছন। আমেৰিকান অভিনেতাজনে ১১.৩৪ কোটি টকা লাভ কৰে প্ৰতিটো পোষ্টৰ বাবদ। আনহাতে. আমেৰিকাৰে সংগীত তাৰকা এৰিয়ানা গ্ৰাণ্ডেও চকু কপালত উঠা ধনৰাশি লাভ কৰে। এৰিয়ানাই প্ৰতিটো পোষ্টৰ বিপৰীতে লাভ কৰে ১১.২৪ কোটি টকাকৈ। ইফালে চতুৰ্থ স্থানত আছে আমেৰিকান মডেল কাইলী জেনাৰ। মডেলগৰাকীক প্ৰতিটো পোষ্টৰ বাবদ প্ৰদান কৰা হয় ১১.১২ কোটি টকাকৈ। পঞ্চম স্থানত কোন আছে জানেনে, তালিকাৰ পঞ্চম স্থান লাভ কৰিছে ছেলিনা গোমেজে। ছেলিনাই প্ৰতিটো পোষ্টৰ বাবদ লয় ১০.৯৩ কোটি টকাকৈ।

ইফালে অন্যতম জনপ্ৰিয় তাৰকা কিম কাৰ্ডাছিয়ান ৱেষ্টে প্ৰতিটো পোষ্টৰ বিপৰীতে লাভ কৰে ঈৰ্ষান্বিত ধনৰাশি। প্ৰতিটো পোষ্টৰ বাবদ লাভ কৰে ১০.৫৬ কোটি টকা। সৰ্বাধিক ধন লাভ কৰা তাৰকাৰ ক্ষেত্ৰত সপ্তম স্থানত আছে লায়নেল মেছী। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ পিছতে সৰ্বাধিক ধন লাভ কৰে আৰ্জেণ্টনাৰ তাৰকাগৰাকী। ৮ কোটি ৭০ লাখ টকাকৈ লাভ কৰে প্ৰতিটো পোষ্টত। একেদৰে আমেৰিকান সংগীত শিল্পী বিয়ঞ্চে প্ৰতিটো পোষ্টৰ বিপৰীতে লাভ কৰে ৮.৫৪ কোটি টকাকৈ। আনহাতে, কানাডা মূলৰ আমেৰিকাস্থিত সংগীত শিল্পী জাষ্টিন বিবাৰেও লাভ কৰে আকৰ্ষণীয় ধনৰাশি। প্ৰতিটো পোষ্টৰ বিপৰীতে গায়কজনে লয় ৮.২৮ কোটি টকাকৈ। আমেৰিকান কেণ্ডেল জেনাৰেও পায় লোভনীয় ধন। প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টত লয় ৭.৮৪ কোটি টকাকৈ। আকৰ্ষণীয় কথাটো হল সৰ্বাধিক ধন লাভ কৰা ভাৰতৰ তাৰকাৰ শীৰ্ষত আছে বিৰাট কোহলি আৰু প্ৰিয়ংকা চোপ্ৰা। ভাৰতীয় ক্ৰিকেটাৰজনে ইনষ্টাগ্ৰামত প্ৰতিটো পোষ্টৰ বিপৰীতে পায় ৫ কোটি ৬ লাখ টকাকৈ। আনহাতে, জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প্ৰতিটো পোষ্টৰ বাবদ ৩ কোটি টকাকৈ লাভ কৰে। সৰ্বাধিক ধন লাভ তাৰকাৰ অধিকাংশই অভিনেতা, সংগীত শিল্পী অথবা ক্ৰীড়াজগতৰ ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...