১০২.৫০ টকাকৈ হ্ৰাস পালে চিলিণ্ডাৰৰ দাম, বাণিজ্যিক চিলিণ্ডাৰৰ গ্ৰাহকলৈ সুখবৰ

নতুন বছৰত গ্ৰাহকসকলৰ বাবে ভাল খবৰ। ইণ্ডিয়ান অইল কৰ্পোৰেচন চমুকৈ আইঅ’চিয়ে হ্ৰাস কৰিছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত ১০২.৫০ টকাকৈ হ্ৰাস কৰিছে। আজিৰে পৰা কাৰ্যকৰা হৈছে নতুন নিৰিখ। উল্লেখ্য যে, যোৱা বছৰৰ ১ ডিচেম্বৰত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছিল। ১৯ কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০৩.৫০ টকালৈকে বৃদ্ধি কৰিছিল।
নতুন নিৰিখ অনুসৰি যথেষ্ট সকাহ পাব। দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৯৯৮.৫ টকা হ’ব। কলকাতাত ১০১ টকা হ্ৰাস হৈ ২,০৭৬ টকা আৰু চেন্নাইত ১০৩.৫০ টকা হ্ৰাস হৈ ২,১৩১ টকালৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দৰ।


অৱশ্যে তেল বিপণন কোম্পানীবোৰে ৰাজসাহায্যবিহীন ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্যৰ কোনো ধৰণে সলনি কৰা নাই। ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ৮৯৯.৫ টকা, মুম্বাই, কলকাতা আৰু চেন্নাইত ক্ৰমান্বয়ে ৮৯৯.৫ টকা, ৯২৬ টকা আৰু ৯১৫.৫ টকাত উপলব্ধ হ’ব চিলিণ্ডাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...