ফ্ৰান্সৰ আকাশত ভাৰতীয় যুঁজাৰু বিমানৰ গৰ্জন

ভাৰতীয় বায়ুসেনাৰ এটা দল কাইলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব, ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ (এফ এ এছ এফ) বায়ুসেনাৰ ঘাটি মণ্ট-ডি-মাৰ্ছানত অনুষ্ঠিত হোৱা এক্সাৰচাইজ অৰিয়ানত অংশ ল’ব দলটোৱে। ২০২৩ চনৰ ১৭ এপ্ৰিলৰ পৰা ৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনত চাৰিখন ৰাফেল, দুখন চি-১৭, দুখন এল-৭৮ বিমান আৰু ১৬৫খন এয়াৰ ৱাৰিয়ৰ থাকিব। আই এ এফৰ ৰাফেল বিমানৰ বাবে এইটোৱেই হ’ব প্ৰথম বহিঃদেশৰ অনুশীলন।

আই এ এফ আৰু এফ এ এছ এফৰ উপৰিও জাৰ্মানী, গ্ৰীচ, ইটালী, নেদাৰলেণ্ড, যুক্তৰাজ্য, স্পেইন আৰু আমেৰিকাৰ বায়ুসেনাইও এই বহুপক্ষীয় অনুশীলনত অংশ ল’ব। এই অনুশীলনত অংশগ্ৰহণে অন্যান্য বায়ুসেনাৰ পৰা উত্তম পদ্ধতিসমূহ গ্ৰহণ কৰি ভাৰতৰ বায়ুসেনাৰ নিয়োগ দৰ্শনক আৰু অধিক সমৃদ্ধ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...