পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত

পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত। সীমান্তৰ সিপাৰৰ পৰা ভাৰতত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ভাৰতে। ৰাষ্ট্ৰসংঘত কাশ্মীৰ সম্পৰ্কত মঙলবাৰে অনুষ্ঠিত আলোচনাত পাকিস্তানক সকীয়াই দি ভাৰতৰ প্ৰতিনিধি কাজল ভাটে কয় যে ভাৰত পাকিস্তানৰ স’তে যিকোনো অৰ্থৱহ আলোচনা বাবে সাজু যদিও এই আলোচনা অনুষ্ঠিত হ’ব কেৱল সন্ত্ৰাস আৰু হিংসামুক্ত এক পৰিৱেশতহে।

ভাৰতে পাকিস্তানকে ধৰি সকলো চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰিবলৈ আগ্ৰহী আৰু চিমলা চুক্তি আৰু লাহোৰ ঘোষণা পত্ৰৰ আধাৰত যিকোনো দ্বিপাক্ষিক বিষয় লৈ ভাৰত আলোচনাৰ বাবে সাজু আছে বুলি কাজল ভাটে কয়। এনে পৰিৱেশ সৃষ্টি নোহোৱালৈকে ভাৰতে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্ৰাসবাদ সম্পৰ্কত কঠোৰ স্থিতি অব্যাহত ৰাখিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইছলামাবাদে কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতে ভাৰতে পাকিস্তানক এইদৰে প্ৰত্যুত্তৰ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...