মুকলিৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন; গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত বনকৰ্মী

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ প্ৰথম দিনটোতেই সংঘটিত হ’ল অনাকাংক্ষিত ঘটনা। উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ভৈছামাৰী বন শিবিৰ এলেকাত কৰ্তব্যৰত অৱস্থাত এটা এশিঙীয়া গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন বনকৰ্মী।

আহত বনকৰ্মীজনক প্ৰদীপ বৰুৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, কৰ্তব্য পালন কৰি থকাৰ সময়তে হঠাতে গঁড়টোৰ সৈতে সন্মুখীন হোৱাত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে সংগী বনকৰ্মীসকলে প্ৰদীপ বৰুৱাক উদ্ধাৰ কৰি ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, এই ঘটনাত কোনো পৰ্যটক আহত হোৱা নাই। বনকৰ্মীজন উদ্যানখনৰ সুৰক্ষা আৰু তদাৰকীৰ দায়িত্বত নিয়োজিত হৈ থকাৰ সময়তে এই অঘটন সংঘটিত হয়।

দীৰ্ঘদিনীয়া বাৰিষাৰ বিৰতিৰ অন্তত শনিবাৰে, ৩ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰা হৈছিল। কিন্তু মুকলিৰ প্ৰথম দিনটোতেই বনকৰ্মী গঁড়ৰ আক্ৰমণৰ বলি হোৱাত উদ্যানখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...