পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ প্ৰথম দিনটোতেই সংঘটিত হ’ল অনাকাংক্ষিত ঘটনা। উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ভৈছামাৰী বন শিবিৰ এলেকাত কৰ্তব্যৰত অৱস্থাত এটা এশিঙীয়া গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন বনকৰ্মী।
আহত বনকৰ্মীজনক প্ৰদীপ বৰুৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, কৰ্তব্য পালন কৰি থকাৰ সময়তে হঠাতে গঁড়টোৰ সৈতে সন্মুখীন হোৱাত এই ঘটনা সংঘটিত হয়।
ঘটনাৰ পিছতে সংগী বনকৰ্মীসকলে প্ৰদীপ বৰুৱাক উদ্ধাৰ কৰি ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে, এই ঘটনাত কোনো পৰ্যটক আহত হোৱা নাই। বনকৰ্মীজন উদ্যানখনৰ সুৰক্ষা আৰু তদাৰকীৰ দায়িত্বত নিয়োজিত হৈ থকাৰ সময়তে এই অঘটন সংঘটিত হয়।
দীৰ্ঘদিনীয়া বাৰিষাৰ বিৰতিৰ অন্তত শনিবাৰে, ৩ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰা হৈছিল। কিন্তু মুকলিৰ প্ৰথম দিনটোতেই বনকৰ্মী গঁড়ৰ আক্ৰমণৰ বলি হোৱাত উদ্যানখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।
