পৰাপক্ষত নোলাব ঘৰৰ পৰা, গৰমে ভংগ কৰিব পাৰে সৰ্বকালৰ অভিলেখ

জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ। এইবাৰ প্ৰচণ্ড গৰমে দহিব জনতাক। এপ্ৰিল মাহতেই হ’ব জুন-জুলাইৰ দৰে গৰম। সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিব পাৰে গৰমে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। এপ্ৰিলৰ আৰম্ভণিৰ পৰাই হ’ব প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পূব ভাৰত তথা উত্তৰ-পশ্চিমৰ অঞ্চলত এপ্ৰিল, মে’ আৰু জুন মাহত প্ৰচণ্ড গ্ৰীস্মপ্ৰৱাহে দহিব জনতাক। দেশৰ বেছিভাগ ঠাইতেই স্বাভাৱিকতকৈ অধিক হ’ব তাপমাত্ৰা। অৱশ্যে পশ্চিম আৰু পূবৰ কিছু অঞ্চলত তাপমাত্ৰা স্বাভাৱিক থাকিব। এক সংবাদমেলযোগে এই কথা অৱগত কৰিছে IMDৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...