কথাৰ ফুলজাৰি মৰা ভাৰ্গৱৰ অবৈধ মিল জব্দ

অৱশেষত জোলোঙাৰ মেকুৰী ওলাল। কথাৰ ফুলজাৰি মৰা ভাৰ্গৱৰ অবৈধ মিল জব্দ হ’ল। সংবাদ মেল পাতি কথাৰ ফুলজাৰি মৰা ভাৰ্গৱ চৌধুৰীক মনত আছেনে? পিছে আনলৈ হুল পুতি নিজে মৰে ফুটি কথাষাৰ এইবাৰ আখৰে আখৰে ফলিয়ালে ভাৰ্গৱৰ ক্ষেত্ৰত। কিয়নো কিছুদিন পূৰ্বে সংবাদমেল পাতি অবৈধ কাঠ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হোৱা ভাৰ্গৱ চৌধুৰীয়ে চলাই আছিল কাঠ ফলা অবৈধ মিল। ৰঙিয়া বন বিভাগে এতিয়া জব্দ কৰিলে এই কাঠ ফলা মিল।

পিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলাতেই একাংশই চলাই আহিছে কাঠৰ অবৈধ ব্যৱসায়। কাঠ ফলা অবৈধ মিল স্থাপন কৰি একাংশই চলাই আহিছে ৰমৰমীয়া ব্যৱসায়। নলবাৰীৰ উদ্ধৱ ডেকা আৰু গিৰিশ ডেকা নামৰ দুজন ব্যৱসায়ীয়ে বৈধ ব্যৱসায়ৰ অচিলাৰে আচলতে কাঠৰ অবৈধ ব্যৱসায় গঢ়ি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

নলবাৰীৰ ঘিল্লা চ’কত উদ্ধৱ ডেকা আৰু পাইকাৰকুছিত গিৰিশ ডেকাই কোটি কোটি টকা মূল্যৰ কাঠ মজুত কৰি ৰাখিছে। প্ৰশ্ন হয়, এই দুজন কাঠ ব্যৱসায়ীয়ে অবৈধভাৱে কোটি কোটি টকাৰ কাঠ মজুত কৰি ৰখাৰ পাছতো উত্তৰ কামৰূপ বন বিভাগে এই দুই ব্যৱসায়ীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই । ৰঙিয়াৰ ভাৰ্গৱ চৌধুৰীৰ অবৈধ মিল জব্দ হ’ল ঠিকেই , কিন্তু নলবাৰীৰ উদ্ধৱ ডেকা গিৰিশ ডেকাই নিৰ্বিঘ্নে চলাই আছে অবৈধ ব্যৱসায় ।

কি উদ্দেশ্য আছিল ত্ৰিমূৰ্তিৰ?

কামৰূপ গ্ৰাম্য আৰু নলবাৰী জিলাত কাঠৰ অবৈধ ব্যৱসায় গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰখা ভাৰ্গৱ, উদ্ধৱক এইবাৰ সহযোগ কৰিছে গিৰিশ ডেকাই। সংবাদ মেল পাতি শূন্যত গদা ঘূৰালেও অৱশেষত স্বৰূপ ওলাল উদ্ধৱ, ভাৰ্গৱৰ। চক্ৰান্তমূলকভাৱে আনৰ বিৰুদ্ধে সৰৱ হোৱাৰ আঁৰত যে ন্যস্ত স্বাৰ্থ জড়িত আছিল সেয়া একপ্ৰকাৰ স্পষ্ট হ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...