বিশ্বৰ আগশাৰী ক’ডিং প্ৰতিযোগিতাত বিজয়ী IIT দিল্লীৰ ছাত্ৰ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) দিল্লীৰ এজন ছাত্ৰই বিশ্বৰ এখন আগশাৰী ক’ডিং প্ৰতিযোগিতাত জয়লাভ কৰিছে। ৮৭খন দেশৰ ১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কম্পিউটাৰ প্ৰগ্ৰেমিং প্ৰতিযোগিতা টিচিএছ ক’ডভিটাৰ বিজয়ী হিচাপে ঘোষণা কৰা হয় কলশ গুপ্তাক।

কোডভিটাই বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ প্ৰগ্ৰেমিং প্ৰতিযোগিতা হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ দখল কৰিছে। টাটা কনচালটেন্সি চাৰ্ভিচেছ (টিচিএছ)য়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা মতে, এই বছৰ ক’ডভিটাৰ দশম ছিজনত ৮৭খন দেশৰ পৰা এক লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাৰ বিজয়ী হিচাপে কলশ গুপ্তাই লাভ কৰিছে ১০ হাজাৰ ডলাৰৰ গ্ৰেণ্ড প্ৰাইজ। চিলি আৰু টাইৱানৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে। চিলিৰ মৌৰিচিঅ’ আন্দ্ৰেছ কেৰী লিয়ালে প্ৰথম ৰানাৰ্ছ আপ হিচাপে ৭ হাজাৰ ডলাৰ লাভ কৰাৰ বিপৰীতে টাইৱানৰ জেফ্ৰি হোয়ে ৩ হাজাৰ ডলাৰ লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...