বিশ্বৰ আগশাৰী ক’ডিং প্ৰতিযোগিতাত বিজয়ী IIT দিল্লীৰ ছাত্ৰ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) দিল্লীৰ এজন ছাত্ৰই বিশ্বৰ এখন আগশাৰী ক’ডিং প্ৰতিযোগিতাত জয়লাভ কৰিছে। ৮৭খন দেশৰ ১ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কম্পিউটাৰ প্ৰগ্ৰেমিং প্ৰতিযোগিতা টিচিএছ ক’ডভিটাৰ বিজয়ী হিচাপে ঘোষণা কৰা হয় কলশ গুপ্তাক।

কোডভিটাই বিশ্বৰ সৰ্ববৃহৎ কম্পিউটাৰ প্ৰগ্ৰেমিং প্ৰতিযোগিতা হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ দখল কৰিছে। টাটা কনচালটেন্সি চাৰ্ভিচেছ (টিচিএছ)য়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা মতে, এই বছৰ ক’ডভিটাৰ দশম ছিজনত ৮৭খন দেশৰ পৰা এক লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাৰ বিজয়ী হিচাপে কলশ গুপ্তাই লাভ কৰিছে ১০ হাজাৰ ডলাৰৰ গ্ৰেণ্ড প্ৰাইজ। চিলি আৰু টাইৱানৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে। চিলিৰ মৌৰিচিঅ’ আন্দ্ৰেছ কেৰী লিয়ালে প্ৰথম ৰানাৰ্ছ আপ হিচাপে ৭ হাজাৰ ডলাৰ লাভ কৰাৰ বিপৰীতে টাইৱানৰ জেফ্ৰি হোয়ে ৩ হাজাৰ ডলাৰ লাভ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...