নতুন শিক্ষা নীতিয়ে আনিব আমূল পৰিৱৰ্তন; খালী পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকললৈ ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ’ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ থকা শিক্ষকৰ পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ। ২৭ নৱেম্বৰত খালী হৈ থকা মহাবিদ্যালয় সমূহৰ বিভিন্ন বিভাগৰ শিক্ষকৰ পদত দিয়া হ’ব নিযুক্তি।

নতুন শিক্ষা নীতিক শীঘ্ৰে অসমৰ শিক্ষানুষ্ঠানত কাৰ্যকৰী কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ। ২০২২ চনৰ পৰা মহাবিদ্যালয় সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। নতুন শিক্ষানীতি অনুসৰি, প্ৰাথমিক পৰ্যায়ত বাধ্যতামূলক হ’ব মাতৃভাষা। পঞ্চম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে নিজ ইচ্ছামতে বাছনি কৰিব পাৰিব ভাষাৰ মাধ্যম। নতুন শিক্ষানীতিৰ ফলত চাকৰি হেৰুৱাব কোনো শংকা নাই আৱাসিক বিদ্যালয়ৰ শিক্ষকৰ। শীঘ্ৰে ৰাজ্যত স্থাপন হ’ব ১০ খনকৈ নতুন আৱাসিক বিদ্যালয়।

ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত পৰ্যাপ্ত আসনৰ ব্যৱস্থা আছে বুলিও মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। উল্লেখ্য যে, ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’ব উত্তৰ-পূব শৈক্ষিক সন্মিলন। এই সন্মিলন উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ প্ৰধানৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইজন ৰাজ্যৰ শিক্ষামন্ত্ৰী। উক্ত সন্মিলনে নতুন শিক্ষানীতিক কিদৰে আগুৱাই নিব পাৰি ইয়াৰ ওপৰত হ’ব বিস্তৃত আলোচনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...