চীনৰ সামগ্ৰী ব্যৱহাৰ কৰি ডুবিছে ৰুছিয়া

✒️ অচিন্ত্য শৰ্মা

ইউক্ৰেইনৰ মাটিত কাৰ্যতঃ থমকি ৰৈছে ভ্লাদিমিৰ পুটিনৰ বিজয় ৰথ। অভাৱণীয়ভাবে মন্থৰিত হৈ পৰিছে অগ্ৰৱৰ্তী ৰুছ সেনাৰ গতি আৰু দ্ৰুতি। এক প্ৰকাৰ সমগ্ৰ যুদ্ধখনেই লৈছে এক বৃহৎ ইউ টাৰ্ণ। কিন্তু কিয় এনে হৈছে? হঠাৎ দুৰ্বল হৈ পৰিছে নেকি মহাশক্তি ৰুছিয়া? এই প্ৰশ্নৰ উত্তৰ বিচাৰোতেই ওলাই পৰিছে মস্কো মহলৰ উচ্চস্তৰৰ সংঘটিত বৃহৎ দুৰ্নীতিৰ কাহিনী। দৰাচলতে ৰুছ প্ৰকিৰক্ষা বিভাগৰ একাংশ বিষয়াই সংঘটিত কৰা দুৰ্নীতি আৰু দেশৰ নিৰাপত্তাৰ লগত কৰা আপোচৰ বাবেই ইউক্ৰেইনৰ মাটিত অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে দেশখনৰ স্থল-সেনা বাহিনী আৰু ইউক্ৰেইনৰ জয়ৰ স্বপ্ন হৈ পৰিছে এক ভয়ংকৰ দুঃস্বপ্ন সদৃশ।

উল্লেখ যে, বিশ্ব মহাশক্তি ৰুছিয়াৰ সামৰিক বাজেটো আকাশলংঘী। প্ৰতি বছৰে ভাৰতীয় মুদ্ৰাৰ হিচাপত কেইবা লাখ কোটি টকা ধাৰ্য কৰা হয় ৰুছ সেনাৰ বাবে। কিন্তু এই বিশাল পৰিমাণৰ ধনৰ বৃহৎ অংশই কুক্ষিগত কৰে সংশ্লিষ্ট বিষয়া আৰু ৰাজনীতিবিদ একাংশই। যাৰ বাবে পিছত খৰচৰ জোৰা মাৰিবলৈ তেওঁলোকে ক্ৰয় কৰিব লগা হয় সস্তীয়া সামৰিক উপকৰণ। এনেকুৱাই ঘটনা ঘটিছে ৰুছ আৰ্মাৰ্ড ভেহিকল সমূহৰ ক্ষেত্ৰত। যি সময়ত নাটোৱে নিজৰ আৰ্মাৰ্ড ভেহিকেলসমূহৰ বাবে মিছেলিন XZLৰ নিচিনা উন্নত মানৰ টায়াৰ ব্যবহাৰ কৰি আছে, সেই সময়ত ৰুছিয়াই নিজৰ স্থলসেনাৰ আৰ্মাৰ্ড ভহিকেলসমূহৰ বাবে ব্যবহাৰ কৰি আছে সস্তীয়া তথা অতি নিম্নমানৰ চীনা য়েলো চী YS 20 টায়াৰ। লক্ষণীয়ভাবে ভাৰতীয় মুদ্ৰাৰ হিচাপত একেটা মিচেলিন XZL টায়াৰৰ দাম ৫০ হাজাৰ টকাতকৈও অধিক হোৱাৰ বিপৰীতে একোটা য়েলো চী YS 20 টায়াৰৰ দাম প্ৰায় ৩০০ টকা। এনে সস্তীয়া টায়াৰযুক্ত ৰুছ আৰ্মাৰ্ড ভেহিকেলসমূহ আগবাঢ়িবপৰা নাই ইউক্ৰেইনৰ বোকাময় পথত। যাৰ বাবে সামগ্ৰীকভাবে আগবাঢ়িব পৰা নাই ৰুছ বিজয় অভিযানো। বহুসময়ত এনেকোৱা হৈছেগৈ যে বোকাত আবদ্ধ হৈ পৰা নিজৰ আৰ্মাৰ্ড ভেহিকেল উদ্ধাৰ কৰিব নোৱাৰি ৰুছ সেনাই সেইবোৰ তেনেকৈয়ে এৰি থৈ উভতি আহিছে। পিছত ইউক্ৰেইনৰ সেনাই সেই পৰিত্যক্ত ৰুছ আৰ্মাৰ্ড ভেহিকেলসমূহ উদ্ধাৰ কৰি নিজৰ অস্ত্ৰভাণ্ডাৰত চামিল কৰিছে আৰু হৈ উঠিছে অধিক শক্তিশালী। একেই প্ৰক্ৰিয়াৰে ইউক্ৰেইনে লাভ কৰিছে ভালেসংখ্যক ৰুছ টেংকো। আনকি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে নিজেই অলপতে সদৰি কৰিছে যে পৰিত্যক্ত ৰুছ অস্ত্ৰৰ সহায়তেই তেওঁৰ দেশৰ সেনা এতিয়া যুদ্ধৰ পূৰ্বতকৈও অধিক শক্তিশালী হৈ উঠিছে।

দৰাচলতে এক ভুল সময়ত ৰুছিয়াই আৰম্ভ কৰিছিল ইউক্ৰেইনৰ অভিযান। বছৰৰ এইটো সময়ত ইউক্ৰেইনৰ প্ৰায়বোৰ পথেই দীৰ্ঘদিনৰ বাবে হৈ পৰে বোকাময়; যিবোৰ পথত অতি অভ্যস্ত নহ’লে কোনেও চলাব নোৱাৰে গধুৰ সামৰিক যান-বাহন; একমাত্ৰ স্বদেশী সেনাৰ বাবেহে সেয়া সম্ভৱ। পিচে ইউক্ৰেইনৰ যুদ্ধত পৰিকল্পনা কৰাৰ সময়ত বতৰৰ বিষয়টো আওকাণ কৰিলে ৰুছ সমৰ বিশেষজ্ঞসকলে। হয়তো তেওঁলোকে নিজৰ সমৰশক্তিক লৈ প্ৰয়োজনতকৈ অধিক আত্মবিশ্বাসী হৈ থাকিল আৰু পৰৱৰ্তী দিনবোৰত সেই মাত্ৰাধিক আত্মবিশ্বাসেই কাল হ’ল ৰুছিয়াৰ বাবেও।

এসময় প্ৰতিকুল বতৰৰ সহায় লৈয়েই ৰুছিয়াই আক্ৰমণকাৰী নেপোলিয়ন বোনাপাৰ্ট আৰু এডলফ্ হিটলাৰক পৰাজিত কৰিছিল নিজৰ মাটিত। এইবাৰৰ সেই প্ৰতিকুল বতৰৰ বাবে নিজেই পৰাজিত হ’ব ওলাইছে ইউক্ৰেইনৰ মাটিত। কাৰ্যতঃ দুৰ্নীতি আৰু বতৰেই হ’ব ইউক্ৰেইন যুদ্ধৰ নিৰ্ণায়ক। ইতিহাসেও সেয়াই ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...