এবাৰতে অভিনেত্ৰী ৰান্যাই সৰবৰাহ কৰিছিল ১৪.৮ কেজি সোণ

এবছৰত ৩০ বাৰ ডুবাই ভ্ৰমণ। এবাৰতে অভিনেত্ৰী ৰান্যাই সৰবৰাহ কৰিছিল ১৪.৮ কেজি সোণ। কিদৰে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দিছিল কনাড়া আভিনেত্ৰীয়ে? আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য।

১৩ কোটি টকাৰ সোণসহ কানাড়া অভিনেত্ৰী ৰান্যা ৰাও বিমান বন্দৰত ধৰা পৰাৰ পিছতে তোলপাৰ লাগিছে দেশত। ৰান্যাৰ মোহময়ী চেহেৰাৰ আঁৰৰ প্ৰকৃত ৰূপ প্ৰকাশ হৈ গ’ল।

৩ মাৰ্চত ৰান্যাৰ পৰা জব্দ হৈছিল ১৪.৮০০ কেজি সোণ। বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দত জব্দ হৈছিল সোণখিনি। চোৰাং সোণ সৰবৰাহত জড়িত ৰান্যাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চলোৱা জেৰাত অভিনেত্ৰীগৰাকীৰ পৰা আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য।

এবছৰত ৩০ বাৰ ডুবাই ভ্ৰমণ কৰিছে ৰান্যাই। সোণৰ চোৰাং সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰিছে বিভিন্ন পন্থা। শৰীৰৰ গোপন স্থানত বান্ধি নিয়ে সোণৰ বিস্কুট। বিভিন্ন জেকেট সোণ সৰবৰাহৰ বাবে প্ৰস্তুত কৰিছিল।

ৰান্যাই জেকেটসহ এনে ধৰণৰ পোছাক পিন্ধি ডুবাইলৈ যায় যাতে সোণ লৈ যোৱাটো চকুত নপৰে। DRIৰ তথ্যত প্ৰকাশ পাইছে অভিনেত্ৰী ৰান্যাই ভালদৰে জানে শৰীৰৰ কোন অংশত সোণ বান্ধি নিলে নিৰাপত্তাৰক্ষীৰ চকুত নপৰে বা মহিলা বুলি শৰীৰৰ তেনে স্থানত তালাচী নচলায়। সেই সুযোগ গ্ৰহণ কৰিয়েই ৩ মাৰ্চত উৰুত সোণৰ বিস্কুট বান্ধি সৰবৰাহ কৰিব খুজিছিল । কিন্তু এইবাৰ ধৰা পৰে অভিনেত্ৰীগৰাকী। তদন্তকাৰীয়ে প্ৰকাশ কৰিছে ৰান্যাই এক বিশেষ ধৰণৰ ৰিষ্ট বেল্ট ব্যৱহাৰ কৰিছিল। তাতো সৰবৰাহ কৰা হৈছিল সোণ। তদন্তকাৰীৰ সন্দেহ, ৰান্যাৰ সোণ সৰবৰাহত বিমানবন্দৰৰ লোকো জড়িত থাকিব পাৰে। বিমানবন্দৰৰ এজন কনিষ্টবলৰ নামো সাঙোৰ খাইছে সোণ সৰবৰাহত

এতিয়া প্ৰশ্ন হৈছে এবছৰত ৩০বাৰ ডুবাইলৈ যোৱা ৰান্যাই প্ৰতিবাৰেই সোণৰ সৰবৰাহ কৰিছিল নেকি? যদি কৰিছিল কিয় তালাচীত ধৰা পৰা নাছিল? এই বিষয় লৈ চলি আছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...