পুনৰ কাল হৈ নামি আহিছে ক’ভিড! একেদিনাই ১৫জনৰ মৃত্যু, আক্ৰান্ত ৬ হাজাৰ

অসম তথা ভাৰতত ক’ভিড ভাইৰাছ নিয়ন্ত্ৰণলৈ আহিলেও এতিয়াও শেষ হোৱা নাই ক’ভিডৰ ত্ৰাস। ভাৰতৰ সমীপৰে এখন দেশ হংকঙত একে দিনাই ১৫জন লোকৰ মৃত্যু ঘটিছে ক’ভিডত। একেদৰে ২৪ ঘণ্টাত ৬ হাজাৰতকৈ অধিক লোক চিকিত্সাধীন হৈছে বিভিন্ন হাস্পতালত।
হংকঙত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে চীনে তত্পৰতা প্ৰদৰ্শন কৰিছে। চীনে পৃথকীকৰণ গোটক ১০ হাজাৰ বিচনা নিৰ্মাণৰ সিদ্ধান্ত লৈছে। আৰু যদিহে এইদৰে ক’ভিডৰ সংখ্যা বৃদ্ধি পায়, তেন্তে পৰিস্থিতি ভয়াৱহ হব। সেয়েহে চিকিৎসালয়ত ভিৰ কৰাৰ পিছত যাতে ৰোগীসকলক শীতৰ ঠাণ্ডাত বাহিৰত অপেক্ষা কৰিব লগা নহয়। হংকঙত শনিবাৰলৈ ক’ভিড আক্ৰান্তৰ সংখ্যা ৪৬,৭৬৩গৰাকীলৈ বৃদ্ধি পাইছে।
ক’ভিড নিয়ন্ত্ৰণৰ বাবে হংকঙে ভ্ৰমণ আৰু ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ বিধি বলৱতৰ সিদ্ধান্ত লৈছে। শুক্ৰবাৰে সমগ্ৰ চিকিৎসালয় কৰ্তৃপক্ষৰ চৰকাৰৰ মুখ্য কাৰ্যবাহী কেৰী লামে কৈয় যে ৰাজহুৱা স্বাস্থ্যৰ বিপদাশংকাৰ বাবে নিৰ্বাচন ৮ মে’লৈ পিছুৱাই দিয়া হ’ব। নতুন চিকিৎসা গোটবোৰ পেনিৰ উপসাগৰ আৰু কাই টাক জিলাত নিৰ্মাণ কৰা হাস্পতালৰ অগ্ৰগতিৰো বুজ লয় লামে। লামে লগতে কয় যে চৰকাৰে ৰোগীসকলৰ বাবে হোটেলৰ কোঠা, ক্ৰীড়া সুবিধা আৰু নতুনকৈ নিৰ্মিত ৰাজহুৱা আৱাস গোট ব্যৱহাৰ কৰিব। শনিবাৰে এক ৰেডিঅ’ সম্প্ৰচাৰত ৰোগীসকলক বাহিৰত অপেক্ষা কৰিবলৈ বাধ্য হোৱাৰ পিছত ক্ষমা বিচাৰিছিল। তেওঁ কয় যে বেছিভাগক ঘৰৰ ভিতৰত বা আন সুবিধালৈ স্থানান্তৰ কৰা হৈছে।
উল্লেখ্য যে, ২০২০ৰ আৰম্ভণিৰ ১০ দিনত কভিডৰ উত্স বুলি গণ্য কৰা ৱুহানত ১,৫০০ আৰু ১,০০০ বিচনাযুক্ত দুখন অস্থায়ী হাস্পতাল দ্ৰুত গতিত নিৰ্মাণ কৰিছিল চীনে। ইয়াৰ লগতে ১৬টা অট্টালিকাক সাময়িকভাবে অস্থায়ী চিকিৎসালয়লৈ ৰূপান্তৰ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...