নাগালেণ্ড এম্বুছ : আজি সদনত ভাষণ ৰাখিব গৃহমন্ত্ৰী অমিত শ্বাহে

নাগালেণ্ডৰ ঘটনাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। আজি এই ঘটনাক লৈ সংসদত অনুষ্ঠিত হ’ব বিশেষ আলোচনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগালেণ্ডৰ হিংসাত্মক ঘটনা সন্দৰ্ভত লোকসভাত ভাষণ ৰাখিব। লোকসভাত বিয়লি ৩ বজাত গৃহমন্ত্ৰীয়ে নাগালেণ্ডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ পিছতে ৰাজ্যসভাতো বিয়লি ৪ বজাত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। আনহাতে, নাগালেণ্ডত সংঘটিত ঘটনা সন্দৰ্ভত সদনত বিষদ আলোচনাৰ দাবীত বিৰোধী দলসমূহ সৰৱ হৈ পৰাৰ লগতে আজি অধিৱেশন আৰম্ভ হোৱাৰ পিছতে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ ফলত কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম-কাজ।

আনহাতে, সেনাৰ হাতত নিৰীহৰ মৃত্যুৰ ঘটনাৰ পিছতে অশান্ত হৈ পৰিছে সমগ্ৰ নাগালেণ্ড। হাজাৰ হাজাৰ নগা লোক ওলাই আহিছে ৰাজপথলৈ। মন জিলাত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আসাম ৰাইফলছৰ শিৱিৰত আক্ৰমণ কৰি অগ্নিসংযোগ হাজাৰ-হাজাৰ জনতাৰ। আনকি চৰকাৰী কাৰ্যালয়, হাস্পতালতো আক্ৰমণ উত্তেজিত জনতাৰ। এই ঘটনাৰ কাৰণ – শনিবাৰে মন জিলাৰ অ’টিং বস্তিত সেনাই কৰা এম্বুছ। উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ সেনাই অ’টিঙত ১৩জনকৈ লোকক গুলীয়াই হত্যা কৰিছিল। উত্তেজিত জনতাৰ আক্ৰমণত নিহত হৈছিল এজন সেনা জোৱান। এই ঘটনাৰ পিছত দেওবাৰে পুৱাৰ পৰাই উত্তপ্ত হৈ পৰিছে মন জিলাৰ পৰিস্থিতি।

হাজাৰ-হাজাৰ লোকে ওলাই আহি আক্ৰমণ চলাইছে আসাম ৰাইফলছৰ শিৱিৰত। ইতিমধ্যেই জিলাখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। পৰিস্থিতি চম্ভালিবলৈ গৈ বিফল আৰক্ষী আৰু সেনাবাহিনী। পৰিস্থিতিৰ আৰু অধিক অৱনতি হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিছে আৰক্ষী, সেনাই। এই গুলীচালনাত পুনৰ নিহত হৈছে এজন লোক। নিহত লোকসকলক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে মন জিলাত। ঘটনাস্থলীত আজি উপস্থিত হৈ নিহতসকললৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী নেফইউ ৰিঅ’ই। সেনাৰ গুলীত নিহতৰ পৰিয়াললৈ নাগালেণ্ড চৰকাৰে আগবঢ়াইছে আৰ্থিক সাহায্য। নিহত ১৩জনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়ায় নাগালেণ্ড চৰকাৰে।

ইপিনে, এই ঘটনাক লৈ বিভিন্ন দল-সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কিচামা গাঁৱত অনুষ্ঠিত হৰ্ণবিল মেলাত দেওবাৰে নিশা নাগা ষ্টুডেণ্ট ইউনিয়নে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাক গৰিহণা দি নাগালেণ্ড বন্ধৰ আহ্বান জনাইছে নগা ছাত্ৰ সংগঠনে। ইষ্টাৰ্ন নাগা পিপুলছ অৰ্গেনাইজেশ্যনেও সুকীয়াকৈ পূৱ নাগালেণ্ড বন্ধৰ আহ্বান জনাইছে। আনহাতে এই ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ড চৰকাৰে SIT গঠন কৰি এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। নাগালেণ্ড চৰকাৰে ঘটনাৰ বাবে ২১ অৰ্ধসামৰিক বাহিনীক জগৰীয়া কৰি ইয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...