যোগীঘোপাৰ ঐতিহ্যমণ্ডিত দুগ্ধনাথ পাহাৰৰ গুহা আৰু পৰ্যটনৰ সম্ভাৱনা

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঐতিহাসিক দুগ্ধনাথ পাহাৰৰ সৌন্দৰ্য্যই হাত বাউল দি মাতে দেশ বিদেশৰ পৰ্যটকক। নৰনাৰায়ণ সেতুৰ পৰা এক কিলোমিটাৰ পূবফালে থকা গুহা কেইটাই ব্ৰহ্মপুত্ৰৰ পাৰত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে। এই দৃশ্য উপভোগ কৰিবলৈ ওচৰ পাঁজৰৰ লগতে দুৰ দুৰণিৰ পৰা প্ৰতিদিনে দৰ্শনাৰ্থী অহা পৰিলক্ষিত হৈছে। পুৰনি আখ্যান মতে, ৬৫৫-৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত গুহাসমুহ খোদিত কৰা হৈছিল। বৌদ্ধ ভিক্ষু সকলে উক্ত গুহা কেইটা তপস্যা কৰাৰ বাবে সজাইছিল বুলি জনা যায়। পিছৰ পৰ্যায়ত যোগী সকলে ধ্যান কৰা কামতো ব্যৱহাৰ কৰা জনা যায়।

যোগী তথা সাধু সন্যাসীয়ে উক্ত গুহা তথা ঘোপা সমুহত তপস্যা কৰাৰ বাবে অঞ্চলটোৰ নাম যোগীঘোপা হয় বুলি পুৰণি আখ্যান আছে।কাৰিকৰী দিশৰ পৰা গুহা সমুহ ইলোৰা আৰু অজন্তাৰ লগত তুলনা কৰা হৈছে। ১.৯ মিটাৰ ওখ, ২.৬ মিটাৰ পথালি আৰু ১.৮ মিটাৰ গভীৰ গুহাকেইটাৰ প্ৰত্যেকটোৰ বাৰান্দা আছে। দীঘে ৭৫ চেন্টিমিটাৰ আৰু পথালিয়ে ৩৫ চেণ্টিমিটাৰ বাৰান্দাই গুহাকেইটাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। দুগ্ধনাথ পাহাৰখনত এই ঐতিহাসিক গুহা কেইটা থকাৰ উপৰিও আৰু কিছু ঐতিহাসিক সমল বিচাৰি পোৱা গৈছে। বিট্ৰিছৰ দিনত পাহাৰত সেনাৰ ছাউনী থকাৰ উমান পোৱা গৈছে। বৃহৎ গোটৰ ভগ্নাৱশেষে ইয়াৰ সাক্ষ্য বহন কৰিছে৷ ডেৰ বছৰ পূৰ্বে পাহাৰ খনত মাটি ভৰ্তি কলহ এটা উদ্ধাৰ হোৱাৰ পিছতেই বহু কথাৰ উমান দিছে। পাহাৰখনৰ দক্ষিণফালে এটা বৃহৎ শিলৰ পৰা ফেনৰ দৰে কিবা বস্তু বাগৰি অহাৰ চিহ্ন বিদ্যমান। পুৰনি আখ্যান মতে, শিৱক এক নিৰ্দ্দিষ্ট সময়ত উক্ত শিলৰ ওপৰত থিয় হৈ কপিলীশ্বৰী গাইয়ে গাখীৰ পান কৰাইছিল। শিৱৰ আন এটা নাম যিহেতু ভোলানাথ সেয়ে পাহাৰৰ নামটোও দুগ্ধনাথ পাহাৰ হিচাৱে জনাজাত৷ উক্ত গুহাসমুহত ইতিমধ্যে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি পাহাৰলৈ উঠাৰ বাবে খটখটি বনাই দৰ্শনাৰ্থীৰ কিছু সুবিধা কৰি দিছে। গুহা সমুহৰ কাষে কাষে আৰু পাহাৰৰ ওপৰত কেইবাটাও ঠাইত বহাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে। খৰালি কালত পাহাৰখনৰ ওপৰৰ পৰা লক্ষ্য কৰিলে ব্ৰহ্মপুত্ৰৰ নদীৰ বালিচৰে এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰে। গোৱা সদৃশ বালি চৰসমূহৰ এই দৃষ্টিনন্দন দৃশ্যই দৰ্শনাৰ্থীৰ হাত বাউলি মাতে।

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...