টিহু হাস্পতালত স্বাস্থ্য মন্ত্ৰীৰ ছাডেন ভিজিট!

ক্ষুদ্ৰ ক্ষুদ্ৰ হাস্পতালসমূহত বহু ৰোগী নিৰ্ভৰ কৰে চিকিত্সাৰ বাবে। এই প্ৰাথমিক চিকিত্সালয়সমূহতে প্ৰথমে চিকিত্সাৰ বাবে উপস্থিত হয় সাধাৰণ লোকসকল।

এনে হাস্পতালসমূহ সীমিত সা-সুবিধাৰ মাজেৰে চলি থাকে অথবা উন্নীত কৰাৰ থল থাকে।

এনে কাৰণৰ বাবেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিশা ৯.৩০ বজাত হঠাৎ টিহু প্ৰাথমিক প্ৰেৰণ গোট (এফ আৰ ইউ)ত উপস্থিত হৈ চিকিৎসালয়খনৰ নৈশ পৰিৱেশ নিৰীক্ষণ কৰে।

এই আকস্মিক পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৈশ দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছৰ সৈতে মত বিনিময় কৰি এফআৰইউখনত দৈনিক চিকিৎসাৰ বাবে অহা ৰোগীৰ বিষয়ে খবৰ কৰাৰ লগতে অসুবিধাৰাজীৰ বুজ লয়।

আগন্তুক দিনত অন্যান্য অঞ্চলতো এনে আকস্মিক পৰিদৰ্শন চলিব বুলি মন্তব্য প্ৰকাশ কৰে।

কভিডৰ বাবে সকলোকে সাৱধান হোৱাৰ আহ্বান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।

স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল কেইবাগৰাকী বিষয়া আৰু স্বাস্থ্য কৰ্মী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...