ধনৰ বিনিময়ত কোনোবাই আপোনাক চাকৰি দিয়াৰ কথা কৈছে নেকি?

ধনৰ বিনিময়ত কোনোবাই আপোনাক চাকৰি দিয়াৰ কথা কৈছে নেকি? টকা দিলে কোনোবাই আপোনাৰ মাটি-বাৰীৰ সমস্যা সমাধান কৰি দিম বুলি কৈছে নেকি? সাৱধান! এনে বিভিন্ন প্ৰলোভনেৰে এতিয়া প্ৰৱঞ্চনাৰ জাল পাতিছে দুষ্ট চক্ৰই। ওদালগুৰিৰ কেইবাজনো লোকৰ পৰা প্ৰৱঞ্চকে লুটিলে লাখ লাখ টকা। ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছত জালত পৰিল প্ৰৱঞ্চক গেঙৰ মাষ্টাৰমাইণ্ড কিছমত আলী।
এতিয়া লাজ লাগিছে
কিছুদিন আগলৈ কিছমতে ভাগ্য সলনি কৰি দিব পাৰিছিল

এতিয়া মুখ দেখুওৱা নাই। দেখুৱাব নোৱাৰেও। কাৰণ খাটীখোৱা লোকৰ কষ্টোপাৰ্জিত ধন প্ৰৱঞ্চনা কৰি সৰকাই সুখৰ জীৱন কটাইছিল এওঁলোকে। এতিয়া কিছমত আলী এণ্ড কোম্পানী আৰক্ষীৰ জালত। মন্ত্ৰীৰ কথা কৈ চাকৰি দিয়াৰ নামত, মাটিৰ বিভিন্ন সমস্যা সমাধান কৰি দিয়াৰ নামত ৰৌতাৰ কেইবাজনো লোকৰ পৰা লাখ লাখ টকা সৰকাইছিল কিছমত আলী ওৰফে ৰহিম উদ্দিনে।
ৰৌতাৰ ঝাৰগাঁৱৰ ৰমেশ ডেকাৰ পৰা ভুৱা নিযুক্তি পত্ৰ দি ৫ লাখ টকা
মোছাৰফ হুছেইনৰ পৰা প্ৰায় ৪ লাখ টকা
ৰৌতাৰ মাধৱগোঁহাইৰ ৰফিকুল ইছলামৰ পৰা ৪ লাখ ৫০ হাজাৰ টকা
সৰকাইছিল কিছমত আলীৰ গেঙে। সেই ধন আদায় লোৱাৰ পাছত কোনো কাম কৰি দিব নোৱাৰি অনেক অজুহাত দেখুৱাইছিল কিছমতে। অৱশেষত সন্দেহ উপজাত ভুক্তভোগী পৰিয়ালে যোৱা ৪ মে’ত ৰৌতা আৰক্ষী থানাত ধনৰ লেনদেনৰ তথ্যসহ দৰঙৰ বেছিমাৰীৰ কিছমত আলী ওৰফে ৰহিমুদ্দিন, আহমদ আলী আৰু কুৰবান আলীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তেতিয়াই পৰাই গেংটোৱে আত্মগোপন কৰিছিল। অৱশেষত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলালে অভিযান।
খাৰুপেটীয়াৰ লজত আত্মগোপন কৰি থকা কিছমত আলীক গ্ৰেপ্তাৰ
এই খবৰ পোৱাৰ পাছতেই ভুক্তভোগী উপস্থিত ৰৌতা থানাত। কষ্টোপাৰ্জিত ধন প্ৰৱঞ্চনাৰে গিলি থোৱা কিছমতক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সকলোৱে। কিছমতৰ আনকেইজন সংগীকো বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। সন্দেহ কৰা হৈছে আৰু বহু লোকক প্ৰৱঞ্চনাৰ জালত পেলাইছিল এই গেংটোৱে। অভিযান অব্যাহত আৰক্ষীৰ। পোহৰলৈ আহিব আৰু বহু তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...