ধনৰ বিনিময়ত কোনোবাই আপোনাক চাকৰি দিয়াৰ কথা কৈছে নেকি?

ধনৰ বিনিময়ত কোনোবাই আপোনাক চাকৰি দিয়াৰ কথা কৈছে নেকি? টকা দিলে কোনোবাই আপোনাৰ মাটি-বাৰীৰ সমস্যা সমাধান কৰি দিম বুলি কৈছে নেকি? সাৱধান! এনে বিভিন্ন প্ৰলোভনেৰে এতিয়া প্ৰৱঞ্চনাৰ জাল পাতিছে দুষ্ট চক্ৰই। ওদালগুৰিৰ কেইবাজনো লোকৰ পৰা প্ৰৱঞ্চকে লুটিলে লাখ লাখ টকা। ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছত জালত পৰিল প্ৰৱঞ্চক গেঙৰ মাষ্টাৰমাইণ্ড কিছমত আলী।
এতিয়া লাজ লাগিছে
কিছুদিন আগলৈ কিছমতে ভাগ্য সলনি কৰি দিব পাৰিছিল

এতিয়া মুখ দেখুওৱা নাই। দেখুৱাব নোৱাৰেও। কাৰণ খাটীখোৱা লোকৰ কষ্টোপাৰ্জিত ধন প্ৰৱঞ্চনা কৰি সৰকাই সুখৰ জীৱন কটাইছিল এওঁলোকে। এতিয়া কিছমত আলী এণ্ড কোম্পানী আৰক্ষীৰ জালত। মন্ত্ৰীৰ কথা কৈ চাকৰি দিয়াৰ নামত, মাটিৰ বিভিন্ন সমস্যা সমাধান কৰি দিয়াৰ নামত ৰৌতাৰ কেইবাজনো লোকৰ পৰা লাখ লাখ টকা সৰকাইছিল কিছমত আলী ওৰফে ৰহিম উদ্দিনে।
ৰৌতাৰ ঝাৰগাঁৱৰ ৰমেশ ডেকাৰ পৰা ভুৱা নিযুক্তি পত্ৰ দি ৫ লাখ টকা
মোছাৰফ হুছেইনৰ পৰা প্ৰায় ৪ লাখ টকা
ৰৌতাৰ মাধৱগোঁহাইৰ ৰফিকুল ইছলামৰ পৰা ৪ লাখ ৫০ হাজাৰ টকা
সৰকাইছিল কিছমত আলীৰ গেঙে। সেই ধন আদায় লোৱাৰ পাছত কোনো কাম কৰি দিব নোৱাৰি অনেক অজুহাত দেখুৱাইছিল কিছমতে। অৱশেষত সন্দেহ উপজাত ভুক্তভোগী পৰিয়ালে যোৱা ৪ মে’ত ৰৌতা আৰক্ষী থানাত ধনৰ লেনদেনৰ তথ্যসহ দৰঙৰ বেছিমাৰীৰ কিছমত আলী ওৰফে ৰহিমুদ্দিন, আহমদ আলী আৰু কুৰবান আলীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। তেতিয়াই পৰাই গেংটোৱে আত্মগোপন কৰিছিল। অৱশেষত গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলালে অভিযান।
খাৰুপেটীয়াৰ লজত আত্মগোপন কৰি থকা কিছমত আলীক গ্ৰেপ্তাৰ
এই খবৰ পোৱাৰ পাছতেই ভুক্তভোগী উপস্থিত ৰৌতা থানাত। কষ্টোপাৰ্জিত ধন প্ৰৱঞ্চনাৰে গিলি থোৱা কিছমতক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সকলোৱে। কিছমতৰ আনকেইজন সংগীকো বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। সন্দেহ কৰা হৈছে আৰু বহু লোকক প্ৰৱঞ্চনাৰ জালত পেলাইছিল এই গেংটোৱে। অভিযান অব্যাহত আৰক্ষীৰ। পোহৰলৈ আহিব আৰু বহু তথ্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...