গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ৰিফাইনেৰী হাস্পতালৰ চিকিৎসক ভাস্কৰ বৰুৱা

অৱশেষত গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰী হাস্পতালৰ চিকিৎসক ভাস্কৰ বৰুৱা। নুনমাটি আৰক্ষীয়ে অভিযান চলাই কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কমলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডাঃ ভাস্কৰ বৰুৱাক। বাইহাটা চাৰিআলিৰ নিজৰ আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল চিকিৎসক ভাস্কৰ বৰুৱা। নুনমাটি আৰক্ষীয়ে ডাঃ বৰুৱাৰ মোবাইল ফোন ট্ৰেছ কৰি অভিযুক্ত ডাঃ ভাস্কৰ বৰুৱাক গ্ৰেপ্তাৰ কৰে। যোৱা ২৬ জানুৱাৰীৰ নিশা গুৱাহাটী ৰিফাইনেৰী হাস্পতালত যুৱতী পৰিচাৰিকা এগৰাকীক শ্লীলতা হানি কৰা বুলি অভিযোগ উঠাৰ পিছৰে পৰাই পলায়ন কৰি আত্মগোপন কৰি আছিল অভিযুক্ত ডাঃ বৰুৱা। তিনিদিন ধৰি আত্মগোপন কৰাৰ অন্তত নুনমাটি আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত চিকিৎসকজনক। সম্প্ৰতি নুনমাটি আৰক্ষীয়ে থানাত তেওঁৰ জেৰা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...