কাইলৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাজ্যপালজনে?

দেওবাৰে দুদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী। সপত্নীক ৰাজ্যপালগৰাকীয়ে সত্ৰদ্বীপ মাজুলী ভ্ৰমণ কৰিব। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ লগতে দক্ষিণপাট সত্ৰ দৰ্শন কৰিব ৰাজ্যপালগৰাকীয়ে । চামগুৰি সত্ৰত মুখা শিল্প দৰ্শন কৰাৰ লগতে উপভোগ কৰিব এখন মুখ ভাওনা। সত্ৰবাসীয়ে পৰম্পৰাগত জলপানেৰে আপ্যায়িত কৰিব ৰাজ্যপালগৰাকীক। দ্বিতীয় দিনা গড়মূৰস্থিত পিতাম্বৰদেৱ গাৰ্লছ হাইস্কুলত অনুষ্ঠিত হ’ব লগা গৱৰ্নৰ গাৰ্লছ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰিব ৰাজ্যপালগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...