গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু সংবর্ধনৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেল পুনৰ উন্নীতকৰণ আৰু সংবর্ধনৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে সাংবাদিকসকলৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রীয়ে কয় যে আজি উদ্বোধন কৰা এই পদক্ষেপসমূহৰ অধীনত বিমানবন্দৰলৈ যাত্ৰীসকলৰ চলাচলৰ সুবিধা হোৱাকৈ সম্মুখফালৰ প্লেটফৰ্মৰ এলেকা ২৭০ বর্গমিটাৰৰ পৰা ১০০০ বর্গমিটাৰলৈ বৃদ্ধি কৰাৰ লগতে বিমান বন্দৰলৈ প্ৰৱেশ পথৰ সংখ্যা ৮ লেনৰ পৰা ১৪ লেনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি বিমানবন্দৰৰ পৰিৱেশ অধিক সেউজ কৰি তোলাৰ অংশ হিচাপে ৩০০ বর্গমিটাৰৰ নতুন বাগিচা বিকশিত কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। যাত্ৰীসকলৰ সুবিধা হোৱাকৈ প্রায় ৯০০ বর্গমিটাৰ পদপথ বিকশিত কৰাৰ লগতে ১৪০ মিটাৰ দীঘল স্থাপত্যৰে খচিত এখন দেৱাল নির্মাণ কৰা হৈছে যাৰ জৰিয়তে বিমান বন্দৰৰ পৰিৱেশ অধিক নান্দনিক হৈ উঠাৰ লগতে বাহনৰ গতিবিধিৰ শব্দও হ্রাস কৰিব বুলি মুখ্যমন্ত্রীয়ে সাংবাদিকসকলক অৱগত কৰে। আনহাতে, বাহনৰ সুচল চলাচলত সহায় হোৱাকৈ বিমান বন্দৰত প্ৰৱেশ লেন দুটাৰ পৰা চাৰিটালৈ আৰু প্ৰস্থানৰ লেন ৩টাৰ পৰা ৪টা বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। ডিজিটেল ইণ্ডিয়া মডেলৰ সৈতে খাপখুৱাকৈ যাত্ৰীসকলৰ সুবিধাৰ বাবে চাৰিখন ডিজি যাত্রা গেট মুকলি কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে অৱগত কৰে। যাত্ৰীসকলৰ নিৰাপত্তা পৰীক্ষণৰ দিশত সুবিধা হোৱাকৈ ইয়াৰ পৰিসৰ ৩০০ৰ পৰা ৪৫০ বর্গমিটাৰলৈ বৃদ্ধি কৰাৰ লগতে বিমান বন্দৰৰ যাত্ৰীসকলৰ বাবে উপলব্ধ হোৱাকৈ একাধিক খুচুৰা, খাদ্য আৰু মনোৰঞ্জনৰ সুবিধা বিমানবন্দৰত নতুনকৈ গঢ়ি তোলা হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়।
তেওঁ লগতে কয় যে আজি শুভ উদ্বোধন কৰা এই গোটেইখিনি কাম যোৱা দুমাহত পৰিকল্পনা কৰি সম্পূৰ্ণ কৰা হৈছে যাৰ জৰিয়তে আগন্তুক এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনলৈ যিসকল আলহী আহিব তেওঁলোকে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত এক সুন্দৰ অভিজ্ঞতা পাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...