পবিতৰা অভয়াৰণ্যত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা: ৰাজ্যত ৪খনকৈ নতুন বন আঁচনি ঘোষণা

চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি উদযাপন হ’বলগীয়া ৭৭ সংখ্যক বন মহোৎসৱৰ দ্বিতীয়টো দিনটোত পবিতৰা অভয়াৰণ্যত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অভয়াৰণ্যখনত ৭৭ জোপা বৃক্ষ ৰোপণ কৰি অনুষ্ঠানটোৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে।

এই বৃক্ষ ৰোপণ কাৰ্যসূচীৰ সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সেউজ পৰিৱেশ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৪ খনকৈ গুৰুত্বপূৰ্ণ বন আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিসমূহ তলত উল্লেখ কৰা হ’ল:

১/ বৃক্ষ বন্ধু আঁচনি

এই আঁচনিৰ অধীনত চলিত বৰ্ষৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ সমগ্ৰ ৰাজ্যতে মুঠ ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই বৃহৎ কাৰ্যসূচীত ৰাজ্যখনৰ নৱম শ্ৰেণী আৰু তাৰ ওপৰৰ প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ জড়িত কৰোৱা হ’ব।

২/ জন্মদিন সেউজ শপত আঁচনি

পৰিৱেশ সজাগতা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এই অভিনৱ আঁচনিখন হাতত লোৱা হৈছে। ইয়াৰ অধীনত ৰাজ্যৰ যিকোনো নাগৰিকে নিজৰ জন্মদিনৰ দিনা স্থানীয় বন বিভাগৰ কাৰ্যালয়ত থকা বিশেষ ‘সেউজ শপত স্থান’ (Green Pledge Spot) লৈ গৈ এজোপাকৈ গছপুলি ৰোপণ কৰিব পাৰিব।

৩/ এৰিয়েল চিডলিং আঁচনি (Aerial Seedling Scheme)

ৰাজ্যৰ চৰ-চাপৰি অঞ্চলসমূহক সেউজ কৰি তোলাৰ বাবে বন বিভাগে এই আধুনিক প্ৰযুক্তিৰ সহায় ল’ব। আঁচনিখনৰ অধীনত ড্ৰোনৰ (Drone) জৰিয়তে আকাশমাৰ্গৰ পৰা গছৰ বীজ সিঁচি চৰ অঞ্চলসমূহত নতুন বনাঞ্চল গঢ়ি তোলা হ’ব।

৪/ ফল বাৰী আঁচনি

স্থানীয় ফল-মূলৰ উৎপাদন বৃদ্ধি আৰু পৰিৱেশ সুৰক্ষাৰ সংমিশ্ৰণেৰে ২০২৭ চনৰ এপ্ৰিল মাহত ৰাজ্যজুৰি ১ কোটি থলুৱা ফলজাতীয় উদ্ভিদ ৰোপণ কৰা হ’ব। এই বিশাল লক্ষ্যৰ বাবে চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ নাৰ্ছাৰী (পুলিবাৰী) প্ৰস্তুত কৰাৰ কাম আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...