মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা। দাও দাওকৈ জ্বলি উঠিছে গছ-বন। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দল, সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। সময় আগবঢ়াৰ লগে লগে ক্ৰমাৎ ভয়াৱহ হৈছে পৰিস্থিতি।

আমিনগাঁৱৰ জয়গুৰুৰ বাথৌগুৰিত বনজুই। বনজুইৰ লেনিহান শিখাই ভস্মীভূত কৰিলে দুটাকৈ বাসগৃহ। কোনো লোকে পাহাৰৰ শুকান বননিত অগ্নিসংযোগ কৰাৰ সন্দেহ। বনজুইত ভস্মীভূত এটি পুৰণি প্লাষ্টিক ডেম্প। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা। বনজুইৰ ফলত আতংক সমগ্ৰ অঞ্চলজুৰি।

লখৰাৰ লালুং গাঁৱতো বনজুইৰ আতংক। গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনজুইয়ে লৈছে ভয়াৱহ ৰূপ। এফালৰ পৰা জ্বলিছে গছ-বন। বনজুইৰ ফলত পাহাৰৰ মূল্যবান গছ–গছনি ধ্বংস। জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...