অসমীয়া লিপিৰ পৃথক কোড তালিকা প্ৰস্তুতৰ বাবে গঠন হ’ল ১৪জনীয়া বিশেষজ্ঞ সমিতি

অসমীয়া লিপিৰ বাবে পৃথক কোড তালিকা বা কোড চাৰ্ট প্ৰস্তুতৰ বাবে অসম চৰকাৰে ১৪জনীয়া কমিটী গঠন কৰিছে। এই সমিতিখনে অসমীয়া লিপি বিকাশ সম্পৰ্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে ভূমিকা পালন কৰিব। সমিতিৰ সভাপতিৰ দায়িত্বত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী।

আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্ সচিবগৰাকী উপ সভাপতি ৰূপে থাকিব সমিতিত। সদস্যৰূপে থাকিব অসম সাহিত্য সভাৰ সভাপতি, তথ্যপ্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, এমট্ৰনৰ মেনেজিং ডাইৰেক্টৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ ড০ শিখৰ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ উপেন ৰাভা হাকাচাম, অসমীয়া উইনিকোডৰ চাৰ্জন আৰু এক্টিভিষ্ট ডাঃ সত্যকাম ফুকন, আনন্দৰাম বৰুৱা ভাষা, শিল্প আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ জ্যোতিপ্ৰকাশ তামুলী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু NICৰ ৰাজ্যিক তথ্য বিষয়া। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকগৰাকীও সদস্য সচিব ৰূপে থাকিব সমিতিত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...