অসমীয়া লিপিৰ পৃথক কোড তালিকা প্ৰস্তুতৰ বাবে গঠন হ’ল ১৪জনীয়া বিশেষজ্ঞ সমিতি

অসমীয়া লিপিৰ বাবে পৃথক কোড তালিকা বা কোড চাৰ্ট প্ৰস্তুতৰ বাবে অসম চৰকাৰে ১৪জনীয়া কমিটী গঠন কৰিছে। এই সমিতিখনে অসমীয়া লিপি বিকাশ সম্পৰ্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে ভূমিকা পালন কৰিব। সমিতিৰ সভাপতিৰ দায়িত্বত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী।

আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্ সচিবগৰাকী উপ সভাপতি ৰূপে থাকিব সমিতিত। সদস্যৰূপে থাকিব অসম সাহিত্য সভাৰ সভাপতি, তথ্যপ্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, এমট্ৰনৰ মেনেজিং ডাইৰেক্টৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ ড০ শিখৰ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ উপেন ৰাভা হাকাচাম, অসমীয়া উইনিকোডৰ চাৰ্জন আৰু এক্টিভিষ্ট ডাঃ সত্যকাম ফুকন, আনন্দৰাম বৰুৱা ভাষা, শিল্প আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ সঞ্চালক ড০ দিলীপ কুমাৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ জ্যোতিপ্ৰকাশ তামুলী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু NICৰ ৰাজ্যিক তথ্য বিষয়া। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকগৰাকীও সদস্য সচিব ৰূপে থাকিব সমিতিত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...