৩০০ কোটি টকাৰ ঋণৰ বাবে ৬৪ কোটি টকাৰ উৎকোচ! ICICI বেংকৰ প্ৰাক্তন CEOক দোষী সাব্যস্ত

উৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈছে ICICI বেংকৰ প্ৰাক্তন CEO চন্দা কোচাৰ। ভিডিঅ’কন গোষ্ঠীক অবৈধভাৱে ৩০০ কোটি টকাৰ ঋণ প্ৰদান কৰাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। এই ঋণ প্ৰদানৰ বাবে কোচাৰে ৬৪ কোটি টকা উৎকোচ লৈছিল বুলি অভিযোগ উঠিছিল। শেহতীয়াকৈ এখন ট্ৰাইব্যুনেলত (আদালতত) তেওঁ দোষী সাব্যস্ত হৈছে।

২০২০ চনৰ আৰম্ভণিতে কোচাৰৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে (ইডি) গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত একেটা গোচৰতে কোচাৰৰ স্বামী দীপকৰ বিৰুদ্ধেও অভিযোগ ৰুজু কৰা হৈছিল। অবৈধভাৱে ঋণ প্ৰদানৰ গোচৰ হৈছিল চন্দা কোচাৰ আৰু তেওঁৰ স্বামী দীপকৰ বিৰুদ্ধে। উৎকোচ দিয়াৰ অভিযোগত গোচৰ হৈছিল ভিডিঅ’কন গোষ্ঠীৰ অধ্যক্ষ বেণুগোপাল ধূতৰ বিৰুদ্ধে।

ICICI বেংকৰ তৎকালীন CEO কোচাৰে বেণুগোপালক এই বিপুল পৰিমাণৰ ঋণ প্ৰদানত সহায় কৰিছিল বুলি অভিযোগ আছিল। তাৰ বিনিময়ত ধূতে কোচাৰৰ স্বামী দীপকে নিয়ন্ত্ৰণ কৰা ‘এনইউ পাৱাৰ’ নামৰ সংস্থাত অৰ্থ বিনিয়োগ কৰিছিল। পদৰ অপব্যৱহাৰ কৰি আৰু ব্যক্তিগত সুবিধাৰ বিনিময়ত ভিডিঅ’কনক এই ঋণ প্ৰদান কৰাৰ অভিযোগ উঠিছিল কোচাৰৰ বিৰুদ্ধে।

শেহতীয়া এখন নিৰ্দেশনামাত আদালতে জনাইছে যে, ঋণ প্ৰদানৰ বিনিময়ত কোচাৰৰ স্বামী দীপকে নিয়ন্ত্ৰণ কৰা সংস্থাত উৎকোচৰ ধন পঠিওৱা হৈছিল, সেয়া স্পষ্ট। ইডিয়ে কোচাৰ আৰু তেওঁৰ স্বামীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ সিদ্ধান্ত লৈছিল, সেয়াও সঠিক বুলি আদালতে ব্যক্ত কৰিছে। আদালতে জনাইছে, ICICI বেংকৰ পৰা ৩০০ কোটি টকাৰ ঋণ মঞ্জুৰ হোৱাৰ পিছৰ দিনাই ভিডিঅ’কনৰ অধীনস্থ এটা সংস্থা ‘এছইপিএল’ৰ পৰা ‘এনইউ পাৱাৰ’লৈ ৬৪ কোটি টকা পঠিওৱা হৈছিল। কাগজে-কলমে এই সংস্থাটো বেণুগোপালৰ নামত থাকিলেও ইয়াক পৰিচালনা কৰিছিল দীপকে। তেওঁ আছিল সংস্থাটোৰ মেনেজিং ডাইৰেক্টৰ। আদালতৰ মতে, যি ধৰণে ধন পঠিওৱা হৈছিল, তাত স্পষ্ট যে- এটা সুবিধাৰ বিনিময়ত এই ধন দিয়া হৈছিল।

তদন্তত পোৱা তথ্য-প্ৰমাণ আৰু ৰেকৰ্ড কৰা ভাষ্যৰ ভিত্তিত অভিযোগৰ সত্যতাৰ দিশতেই ইংগিত পোৱা গৈছে বুলি আদালতে ব্যক্ত কৰিছে। কোচাৰ ICICI বেংকৰ ঋণ অনুমোদন কমিটিৰ সদস্য আছিল। সেই সময়ত ভিডিঅ’কন গোষ্ঠীক ঋণ প্ৰদানৰ ক্ষেত্ৰত তেওঁৰ স্বামীৰ এই কোম্পানীটোৰ সৈতে ব্যৱসায়িক সম্পৰ্কৰ কথা গোপন কৰি ৰখা হৈছিল বুলিও অভিযোগ উঠিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...