EVMত এতিয়াৰে পৰা প্ৰতিজন প্ৰাৰ্থীৰ ৰঙীন ছবি থাকিব; ভোটাৰৰ সুবিধাৰ্থে ৭টা নতুন সিদ্ধান্ত নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে বুধবাৰে এক বিজ্ঞপ্তি জাৰি কৰি জনাইছে যে, এতিয়াৰ পৰা নিৰ্বাচনৰ সময়ত ইলেক্ট্ৰনিক ভোটিং মেচিনত (EVM) প্ৰত্যেক প্ৰাৰ্থীৰ ৰঙীন ছবি থাকিব। চলিত বছৰৰ শেষৰ ফালে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা এই পৰিৱৰ্তন কাৰ্যকৰী হ’ব বুলি আয়োগে জনাইছে।

বুধবাৰে প্ৰকাশিত বিজ্ঞপ্তিত মুঠ ৭টা নতুন সিদ্ধান্তৰ কথা উল্লেখ কৰা হৈছে। আয়োগৰ মতে, ভোটাৰৰ সুবিধাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা প্ৰাৰ্থীৰ ছবি ৰঙীন হ’ব। ছবিত প্ৰাৰ্থীৰ মুখৰ অংশই পূৰ্বৰ তুলনাত অধিক ঠাই ল’ব, যাতে তেওঁলোকক সহজে চিনাক্ত কৰিব পৰা যায়।

আয়োগে আৰু জনাইছে যে, EVMত প্ৰাৰ্থীৰ ক্ৰমিক নম্বৰ এতিয়াৰ পৰা অধিক ডাঙৰ আৰু স্পষ্ট হ’ব। প্ৰত্যেক প্ৰাৰ্থী আৰু ‘নোটা’ৰ (NOTA) নম্বৰ ডাঙৰ হৰফত আৰু মোটাকৈ লিখা হ’ব, যাতে ভোটাৰসকলে সহজে দেখা পায়।
ইয়াৰ উপৰিও, সকলো প্ৰাৰ্থীৰ নাম একে ধৰণৰ হৰফত লিখা হ’ব বুলি আয়োগে জনাইছে। প্ৰাৰ্থীৰ নাম একে হৰফৰ মাপত ছপা হ’ব, যাতে কাৰো নাম সৰু বা ডাঙৰ হৈ নাথাকে। লগতে, EVMৰ বেলট কাগজৰ মান উন্নত কৰা হ’ব। নিৰ্দেশিকা অনুসৰি, বেলট কাগজ উন্নত মানৰ (৭০ জিএছএম) কাগজত ছপা হ’ব। বিধানসভা নিৰ্বাচনৰ বাবে গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰা হ’ব। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ’ব। আগন্তুক দিনত অন্যান্য ৰাজ্যৰ নিৰ্বাচনতো এই নিয়ম প্ৰয়োগ কৰা হ’ব বুলি আয়োগে জনাইছে।

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ Special Intensive Revision (SIR)ৰ বিষয়ে ব্যাপক বিতৰ্ক চলি আছে। এই বিষয়ে উচ্চতম ন্যায়ালয়তো গোচৰ দাখিল হৈছে। শেহতীয়া শুনানিত ন্যায়ালয়ে জনাইছে যে, যদি ক’ৰবাত কোনো অনিয়ম ধৰা পৰে, তেন্তে সমগ্ৰ প্ৰক্ৰিয়া বাতিল কৰা হ’ব। এই গোচৰৰ ৰায় সমগ্ৰ দেশৰ SIRৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি আদালতে জনাইছে। অক্টোবৰত এই গোচৰৰ পুনৰ শুনানি হ’ব। এনে বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে ভোটাৰৰ সুবিধাৰ বাবে EVMৰ বেলট কাগজত কেইবাটাও পৰিৱৰ্তন আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...