EVMত এতিয়াৰে পৰা প্ৰতিজন প্ৰাৰ্থীৰ ৰঙীন ছবি থাকিব; ভোটাৰৰ সুবিধাৰ্থে ৭টা নতুন সিদ্ধান্ত নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে বুধবাৰে এক বিজ্ঞপ্তি জাৰি কৰি জনাইছে যে, এতিয়াৰ পৰা নিৰ্বাচনৰ সময়ত ইলেক্ট্ৰনিক ভোটিং মেচিনত (EVM) প্ৰত্যেক প্ৰাৰ্থীৰ ৰঙীন ছবি থাকিব। চলিত বছৰৰ শেষৰ ফালে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা এই পৰিৱৰ্তন কাৰ্যকৰী হ’ব বুলি আয়োগে জনাইছে।

বুধবাৰে প্ৰকাশিত বিজ্ঞপ্তিত মুঠ ৭টা নতুন সিদ্ধান্তৰ কথা উল্লেখ কৰা হৈছে। আয়োগৰ মতে, ভোটাৰৰ সুবিধাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা প্ৰাৰ্থীৰ ছবি ৰঙীন হ’ব। ছবিত প্ৰাৰ্থীৰ মুখৰ অংশই পূৰ্বৰ তুলনাত অধিক ঠাই ল’ব, যাতে তেওঁলোকক সহজে চিনাক্ত কৰিব পৰা যায়।

আয়োগে আৰু জনাইছে যে, EVMত প্ৰাৰ্থীৰ ক্ৰমিক নম্বৰ এতিয়াৰ পৰা অধিক ডাঙৰ আৰু স্পষ্ট হ’ব। প্ৰত্যেক প্ৰাৰ্থী আৰু ‘নোটা’ৰ (NOTA) নম্বৰ ডাঙৰ হৰফত আৰু মোটাকৈ লিখা হ’ব, যাতে ভোটাৰসকলে সহজে দেখা পায়।
ইয়াৰ উপৰিও, সকলো প্ৰাৰ্থীৰ নাম একে ধৰণৰ হৰফত লিখা হ’ব বুলি আয়োগে জনাইছে। প্ৰাৰ্থীৰ নাম একে হৰফৰ মাপত ছপা হ’ব, যাতে কাৰো নাম সৰু বা ডাঙৰ হৈ নাথাকে। লগতে, EVMৰ বেলট কাগজৰ মান উন্নত কৰা হ’ব। নিৰ্দেশিকা অনুসৰি, বেলট কাগজ উন্নত মানৰ (৭০ জিএছএম) কাগজত ছপা হ’ব। বিধানসভা নিৰ্বাচনৰ বাবে গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰা হ’ব। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা এই পৰিৱৰ্তনসমূহ কাৰ্যকৰী হ’ব। আগন্তুক দিনত অন্যান্য ৰাজ্যৰ নিৰ্বাচনতো এই নিয়ম প্ৰয়োগ কৰা হ’ব বুলি আয়োগে জনাইছে।

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ Special Intensive Revision (SIR)ৰ বিষয়ে ব্যাপক বিতৰ্ক চলি আছে। এই বিষয়ে উচ্চতম ন্যায়ালয়তো গোচৰ দাখিল হৈছে। শেহতীয়া শুনানিত ন্যায়ালয়ে জনাইছে যে, যদি ক’ৰবাত কোনো অনিয়ম ধৰা পৰে, তেন্তে সমগ্ৰ প্ৰক্ৰিয়া বাতিল কৰা হ’ব। এই গোচৰৰ ৰায় সমগ্ৰ দেশৰ SIRৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বুলি আদালতে জনাইছে। অক্টোবৰত এই গোচৰৰ পুনৰ শুনানি হ’ব। এনে বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে ভোটাৰৰ সুবিধাৰ বাবে EVMৰ বেলট কাগজত কেইবাটাও পৰিৱৰ্তন আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...