চাকৰিজীৱীসকলৰ বাবে অলপ সকাহৰ খবৰ। তেওঁলোকৰ বাবে এইবাৰ এখন নতুন আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে EPFO (এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গানাইজেচন)। উৎপাদন আৰু অন্যান্য খণ্ডত কৰ্মসংস্থানৰ সৃষ্টিৰ লক্ষ্যৰে ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই বিষয়ে প্ৰতিশ্ৰুতি দিছিল। তৰুণসকলৰ কৰ্মক্ষমতা বৃদ্ধিৰ বাবে কেন্দ্ৰই এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ গৈ আছে।
কেন্দ্ৰীয় মন্ত্ৰীসভাই এই খণ্ডৰ বাবে ৯৯ হাজাৰ ৪৪৬ কোটি টকাৰ প্ৰকল্প ইতিমধ্যে অনুমোদন কৰিছে। কেন্দ্ৰই আশা কৰিছে যে, ১ কোটি ৯২ লাখ ব্যক্তিয়ে এই প্ৰকল্পৰ সুবিধা লাভ কৰিব। শ্ৰম মন্ত্ৰণালয়ই কয় যে, এই প্ৰকল্পই দুই বছৰত মুঠ ৩ কোটি ৫০ লাখৰো অধিক কৰ্মসংস্থানৰ সৃষ্টিত উৎসাহিত কৰিব।
এই প্ৰকল্প ২০২৫ চনৰ ১ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ২০২৭ চনৰ ৩১ জুলাইত শেষ হ’ব। কিন্তু কোনে পাব এই ১৫ হাজাৰ টকা? যিকোনো সংস্থাত কৰ্মৰত কৰ্মীৰ যাৰ বাৰ্ষিক বেতন ১ লাখ টকাৰ কম, তেওঁলোকক দুটা কিস্তিত এই ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও, এই আঁচনিৰ অধীনত EPFOত ৰেজিষ্টাৰ্ড সংস্থাসমূহে নতুন কৰ্মচাৰী নিয়োগ কৰিলে দুই বছৰৰ বাবে প্ৰতিমাহে সৰ্বাধিক ৩ হাজাৰ টকা পাব। কেন্দ্ৰীয় চৰকাৰে আৰু জনাইছে যে, উৎপাদন খণ্ডৰ বাবে এই প্ৰকল্পৰ সময়সীমা আৰু দুই বছৰলৈ বৃদ্ধি কৰা হ’ব পাৰে।
