এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি

এইবাৰ বেদখলকাৰীৰ কবলত বীৰ লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভূমি। গোলাঘাটৰ চাৰিঙীয়াস্থিত ঐতিহাসিক বাৰীখনৰ অবাধ বেদখলে ক্ৰমাৎ বিপন্ন কৰি তুলিছে ইয়াৰ অস্তিত্ব। গোলাঘাট জিলাৰ ঢেকিয়াল মৌজাৰ অন্তৰ্গত চাৰিঙীয়াস্থিত ১৪৫ বিঘা ভূমি আগুৰি থকা এইখন ঐতিহাসিক বৰবৰুৱা বাৰী। চাহ, কুঁহিয়াৰ ইত্যাদিৰ খেতি কৰি বাৰীখন অবৈধভাৱে দখল অব্যাহত ৰাখিছে একাংশ লোকে। আহোম সাম্ৰাজ্যৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা উক্ত বাৰীখন আজিলৈকে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে চৰকাৰ তথা পুৰাতত্ব বিভাগে।

যাক লৈ চিন্তিত বৰবৰুৱাৰ বংশধৰ,নাতি-পৰিনাতিসকল। উল্লেখ্য যে অগপ চৰকাৰৰ দিনতেই সেই ভূমিত টাই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ভূমি আবন্টনৰ সিদ্ধান্ত হৈছিল। কিন্তু চৰকাৰ সলনি হোৱাত বাদ পৰি ৰ’ল সেই ভূমিৰ সংৰক্ষণৰ কাম। বৰ্তমানে ১০ বিঘা ভূমি আন্তঃৰাষ্ট্ৰীয় টাই গৱেষণা কেন্দ্ৰ, ১ বিঘা ঢেকিয়াল আৰক্ষী থানা আৰু প্ৰায় ৫ বিঘা ভূমি খেলপথাৰ স্থাপনৰ বাবে দিয়া হৈছে আবন্টন। আৰু বাকী অংশত চলিছে অবাধ বেদখল। চৰকাৰ-তথা প্ৰশাসনৰ নীৰৱ ভূমিকাত সৰৱ বৰবৰুৱাৰ বংশধৰ। বেদখলকাৰীৰ তালিকাত আছে শিক্ষক তথা কেইবাগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...