ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ’লে বহুত টকা বুলি কোৱা হয়? এক কোটি টকা? দহ কোটি টকা? এক লাখ কোটি টকা? এইটো প্ৰশ্ন আমি ইলন মাস্কক সোধা উচিত কাৰণ টেছলাই তেওঁৰ অভিলেখ ভংগকাৰী দৰমহাৰ চুক্তি প্ৰায় ৮৪ লাখ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। অৰ্থাৎ পিছফালে ১২টা শূন্য থকা এটা ডাঙৰ সংখ্যা। কল্পনা কৰকচোন ইলন মাস্কৰ কিমান টকা আছে, মাস্কে কিনো বুলি ক’লে গোটেই দেশবোৰকে স্নিকাৰৰ দৰে কিনিব পাৰে।

জানেনে ৮৪ লাখ কোটি টকাত কি কি ক্ৰয় কৰিব পাৰিব আপুনি? হাজাৰ হাজাৰ বিঘা মাটি, শতাধিক সোণৰ খনি। এই বছৰ ভাৰতত বিক্ৰী হোৱা প্ৰতিখন গাড়ী, হাজাৰ-হাজাৰটা কোম্পানী, ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ISROৰ বাবে ৫০ বছৰৰ খৰছ, সমগ্ৰ ৰাজ্য বা তাতোকৈয়ো অধিক… বাস্তৱিকভাৱে ক’বলৈ গ’লে দশক দশক ধৰি লাখ লাখ উদ্যোগ গঢ় দিব পাৰিব এইখিনি টকাই। ভাৱকচোন, কিমান মেধাৱী বা প্ৰতিভাশালী হ’লে কোনোবা এজন ব্যক্তি ৮৪ লাখ কোটি টকাৰ সমান মূল্যৱান হ’ব পাৰে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...