আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ৰথ যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৰথ যাত্ৰা। কিন্তু তাৰ মাজতে ৰথ যাত্ৰাত সংঘটিত হৈছে এক অঘটন। ৰথ যাত্ৰালৈ অনা হাতীয়ে চলালে তাণ্ডৱ। নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’ল ৰথ যাত্ৰাৰ বাবে সজাই পৰাই লোৱা ৩টাকৈ হাতী। মানুহৰ সমাগমৰ মাজতে ৰুদ্ৰমূৰ্তি ধৰে হাতীকেইটাই। হাতীৰ ৰূপ দেখি প্ৰাণ বচাবলৈ ছত্ৰভংগ দিলে ভক্তই। কেইবাজনো ভক্ত আহত হ’ল এই ঘটনাত। গুজৰাটৰ আহমেদাবাদত ৰথ যাত্ৰাত ঘটিল এই ঘটনা।
