ফেব্ৰুৱাৰী মাহত ৰমজান আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব নিৰ্বাচন! ঘোষণা মুহাম্মদ ইউনুছৰ

মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি ভাষণত বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ উপদেষ্টা মুহাম্মদ ইউনুছে জনাইছে যে, তেওঁ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত, অৰ্থাৎ ২০২৬ চনৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিৰ পূৰ্বে জাতীয় সংসদৰ নিৰ্বাচন আয়োজন কৰিব বিচাৰে। তেওঁ কৈছে, “২০২৬ চনৰ পবিত্ৰ ৰমজানৰ পূৰ্বে জাতীয় নিৰ্বাচনৰ আয়োজনৰ বাবে মুখ্য নিৰ্বাচন কমিছনাৰৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিম।”

যোৱা বছৰৰ জুলাই মাহৰ আৰম্ভণিতে কোটা সংস্কাৰ আন্দোলনৰ পৰা আৰম্ভ হৈ, তাৰ পিছত বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন আৰু ৰক্তাক্ত গণ-অভ্যুত্থানৰ ফলত বিগত ৫ আগষ্টত বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ পতন ঘটিছিল। তৎকালীন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ বিমান সেনাৰ বিমানেৰে ঢাকা ত্যাগ কৰি ভাৰতত আশ্ৰয় লৈছিল। ক্ষমতাৰ পৰিৱৰ্তনৰ সেই বৰ্ষপূৰ্তিত জাতিৰ উদ্দেশ্যে ভাষণত ইউনুছে কৈছে, “এতিয়া আমাৰ শেষ দায়িত্ব পালনৰ পাল—নিৰ্বাচনৰ আয়োজন কৰা।”

ছমাহ ধৰি নিৰ্বাচনৰ সময়সূচীৰ বিষয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিৰ সৈতে ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তী চৰকাৰৰ মাজত দুঃচিন্তা চলিছিল। কিন্তু মঙলবাৰে নিশা ইউনুছৰ ভোটৰ সময়সূচী ঘোষণাক বিএনপিৰ তৰফৰ পৰা আদৰণি জনোৱা হৈছে। দেশৰ উদ্দেশ্যে ভাষণৰ পূৰ্বে মঙলবাৰে বিয়লি ৰাজধানী ঢাকাৰ মানিক মিয়া এভিনিউত ‘৩৬ জুলাই উদযাপন’ শীৰ্ষক কাৰ্যসূচীত ইউনুছে জুলাই ঘোষণাপত্ৰ পাঠ কৰে। তাত তেওঁ জনাইছে যে, ২০২৪ চনৰ জুলাই-অগষ্ট মাহৰ ‘ছাত্ৰ-গণ অভ্যুত্থান’য়ে উপযুক্ত ৰাষ্ট্ৰীয় আৰু সাংবিধানিক স্বীকৃতি লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...