গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক

সংসদত গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক। ইয়াৰ লগে লগে ১৮ বছৰৰ ওপৰৰ সকলোৱে ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব। আৰু ভুৱা ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱাত এই আইনে সহায় কৰিব। মঙলবাৰে সংসদত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ন্যায় আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে।

ইয়াৰ উপৰি এই বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত একেজন ভোটাৰৰ নাম কেইবাখনো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাতো ৰোধ কৰিব পৰা যাব। এই সংশোধনী আইনে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক ত্ৰুটিমুক্ত কৰিবলৈ সক্ষম হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...