বাংলাদেশত দূৰ্গা পূজাৰ ব্যাপক আয়োজন

✒️অচিন্ত্য শৰ্মা

যোৱাবছৰৰ দু:সহ স্মৃতি বুকুত বান্ধি এইবাৰো বাংলাদেশৰ হিন্দুসমাজ সাজু হৈছে শাৰদীয় দূৰ্গা পূজা তথা দুৰ্গোত্সৱ উদযাপন কৰিবলৈ। ইছলামিক মৌল-বাদীৰ আক্ৰমণৰ আশংকাৰ মাজতে সাজু হ’ব ধৰিছে দেশখনৰ ৩২ হাজাৰৰো অধিক পূজা মণ্ডপ। অৱশ্যে বিগত বৰ্ষবোৰতকৈ বাংলাদেশত এইবাৰ অধিক কঠোৰ কৰি তোলা হৈছে পূজাকালীন নিৰাপত্তা ব্যৱস্থা। বাংলাদেশী দিন্দুৱে পূজা পাতিবহে পাৰিব; আজান আৰু নামজৰ সময়ত মণ্ডপৰ বাহিৰলৈ ওলাই আহিব নোৱাৰিব পূজাৰ কোনো শব্দ। অন্যথাই চিৰাচৰিত লংকাকাণ্ড।

উল্লেখ্য যে যোৱাবছৰ দূৰ্গাপূজাৰ সময়ত বাংলাদেশত এক বিভীষইকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল দেশখনৰ মুছলমান হুলিগানসকলে। পূজামণ্ডপত কোৰাণ ৰখাৰ এখন নাটকৰ সৃষ্টি কৰি পূজাৰ মাজতে হিন্দুসকলক সৰ্বাত্মকভাবে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ইছলামিক মৌলবাদসকলৰ দ্বাৰা। হেফাজতে ইছলাম আৰু অন্যান্য জেহাদী অপশক্তিসমূহে সংঘটিত কৰিছিল দূৰ্গাপূজাৰ মণ্ডপ ধ্বংস, দূৰ্গা প্ৰতিমা ভাভচূড়, হিন্দুৰ গৃহত অগ্নিসংযোগ, হিন্দু পুৰুষৰ হত্যা আৰু হিন্দুমহিলাক ধৰ্ষণ ঈদিৰ নিচিনা জঘন্য অপকৰ্মসমূহ। কাৰ্যত : নিস্ক্ৰীয় প্ৰসাশনৰ চকুৰ সন্মুখতে হিন্দুৰ ওপৰত চলাইছিল এনেধৰণৰ নিৰ্যাতন। পৰিস্থিতি সম্পূৰ্ণৰূপে গুছি গৈছিল চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ।

বিগত বৰ্ষত সেই দু: সহ স্মৃতি বুকুত বান্ধিয়েই এইবাৰ বাংলাদেশৰ হিন্দু সমাজ আকৌ সাজু হৈছে দূৰ্গা পূজা উদযাপন কৰিবলৈ। মণ্ডপে মণ্ডপে তৈয়াৰ কৰা হ’ব ধৰিছে দূৰ্গা প্ৰতিমা, চলিছে অন্যান্য আয়োজন। লক্ষণীয়ভাবে এইবাৰ সমগ্ৰ বাংলাদেশজুৰি ৩২ হাজাৰ ১৬৮টা মণ্ডপত শাৰদীয় দূৰ্গাপূজা অনুষ্ঠিত হব। মণ্ডপৰ এই সংখ্যা যোৱা বছৰতকৈ প্ৰায় এক হাজাৰ বেছি। এনে বৃহৎ সংখ্যক মণ্ডপৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে বৃহৎ পৰিকল্পনা যুগুত কৰা হৈছে। প্ৰতিটো পূজামণ্ডপতে বাধ্যতামূলক কৰা হৈছে CCTVৰ সংস্থাপন। এই পূজা মণ্ডপত থাকিব স্বেচ্ছাসেৱক, পৰ্যাপ্ত আৰক্ষী আৰু ৰেপিড একশ্যন বেটেলিয়নৰ উপৰি ভ্ৰাম্যমান আদালতো। তদুপৰি উৰাবতৰি বিয়পোৱাত বাধা দিবলৈ বিশেষ ফোনলাইনো মুকলি কৰা হৈছে। অৱশ্যে এখন ইছলামিক ৰাষ্ট্ৰৰ চৰিত্ৰ অক্ষুন্ন ৰাখি বাংলাদেশতো পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে নামাজ আৰু আজানৰ সময়ত পূজা মণ্ডপৰ শব্দ নিয়ন্ত্ৰণ কৰি ৰখাৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...